উজনি মাজুলীৰ মেৰবিল নাম ঘৰত শ্ৰীমন্তশঙ্কৰদেৱৰ আৰ্বিভাৱ তিথিৰ আয়োজন 

-------------++----------------------------

: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৰ্বিভাৱ তিথি আয়ম্বৰপূৰ্ণ ভাৱে মেৰবিল গাঁৱৰ নামঘৰত আয়োজন কৰা হৈছে ৷ মধ্য মাজুলী শংকৰদেৱ সাংস্কৃতিক সংঘৰ উদ্যোগত মেৰবিল গাঁওবাসীৰ পূৰ্ণ সহযোগত গুৰুজনাৰ আৰ্বিভাৱ তিথি তিনিদিনীয়াকৈ ৩,৪ আৰু ৫ অক্টোবৰত আয়োজন কৰা হৈছে ৷ প্ৰথমদিনা পুৱাই পতাকা উত্তোলন , গছপুলি ৰূপনৰ লগতে অন্যান্য কাৰ্যসূচীৰ সমান্তৰালভাৱে বিষয়বাচনি সভা অনুষ্ঠিত হব। দ্বিতীয় দিনা বৰগীত আৰু মাজুলীৰ ভিতৰত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ তৃতীয় দিনা পুৱাৰ পৰা ভাগৱত পাঠ ( বাখ্য ) অনুষ্ঠিত হব বুলি উদযাপন সমিতিৰ সভাপতি দুলাল শইকীয়া আৰু সম্পাদক বুধিন বৰাই আমাক জানিবলৈ দিয়ে।