প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ" মন কি বাত " অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ সোনাৰি সমষ্টিৰ অন্তৰ্গত সাপেখাটী মণ্ডলৰ ১১৭ নং বুথত উপস্থিত থাকে সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। উপস্থিত থাকি তেখেতে ৰেডিঅ'ৰ ৰোগে মন কি বাত অনুষ্ঠান শ্ৰবন কৰে। তাৰপাছত মন কি বাত উপলক্ষে অনুষ্ঠিত সভাত বক্তব্য প্ৰদান কৰা লগতে মহান লেখক চিন্তাবিদ, ৰজনিতীক ,লেখক দীনদয়াল উপাধ্যায়ৰ জন্ম দিৱসত শ্ৰদ্ধা জ্ঞাপন কৰে। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ জনপ্ৰিয় অনুষ্ঠান "মন কী বাত" অনুষ্ঠানত উপস্থিত থাকে সাপেখাতী গাঁও পঞ্চায়তৰ সভাপতি দিলীপ দত্ত, বুথ সভাপতি পান্নালাল আচাৰ্য, সাপেখাতী মন্ডলৰ চাহ জনগোষ্ঠীয় মৰ্চাৰ সভাপতি তপন টুডু, যুৱ মৰ্চাৰ মন্ডল সম্পাদক অভিজিত ফুকনৰ উপৰিও তিনিশতাধিক ৰাইজ উপস্থিত থাকে।
উক্ত অনুষ্ঠানত মোৰ সৈতে বিজেপিৰ সাপেখাটী মণ্ডলৰ ১১৭নং বুথৰ সভাপতি পান্নালাল আৰ্চায ডাঙৰীয়া, সাপেখাটী গাঁও পঞ্চায়তৰ সভাপতি দিলীপ দত্ত ডাঙৰীয়া, যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য জ্যোতিষ কোঁৱৰ ডাঙৰীয়া,সাপেখাটী মণ্ডলৰ চাহ মৰ্চাৰ সভাপতি তপন টুডু ডাঙৰীয়া,জিলা মেডিয়া চেলৰ আহ্বায়ক বিজয় গগৈ ডাঙৰীয়া,যুৱ মৰ্চাৰ সাপেখাটী মণ্ডলৰ সম্পাদক অভিজিৎ ফুকন ডাঙৰীয়াৰ লগতে কাৰ্যৰ্কতাসকল উপস্থিত আছিল ৷