কেবিনেটৰ শৈক্ষিক সিদ্ধান্তক তথা প্ৰাথমিকৰ পৰা ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞান বিষয় পাঠদানৰ বিৰোধিতা কৰি আজি অসম সাহিত্য সভা,বড়ো সাহিত্য সভা,আছু আৰু এবছুৰ আজি গুৱাহাটীত যৌথ সভা হৈ যায়।
এই সিদ্ধান্ত অদূৰদৰ্শী,অবিজ্ঞানসন্মত,অযুক্তিকৰ বুলি অভিহিত কৰা হয় আৰু এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী বুলি গণ্য কৰা হয়।