উত্তৰ-পূৰ্বাঞ্চলত নাৰী কেৱল সৌন্দৰ্যৰ প্ৰতীক ৰূপে চোৱা নহয়। এক নিজস্ব অস্তিত্বৰ অধিকাৰিনী ৰূপত"দেৱী ৰূপত সৰস্বতী, লক্ষ্মী, শক্তি সৰ্বত্ৰ পূজিত হয়। কিন্তু সমগ্ৰ ভাৰতবৰ্ষলৈ লক্ষ্য কৰিলে উত্তৰ-পূৰ্বাঞ্চল আৰু কেৰেলাতহে ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ দেখা যায়। উত্তৰ-পূৰ্বাঞ্চলত নাৰীক কেৱল সৌন্দৰ্যৰ প্ৰতীক ৰূপে চোৱা নহয়। এক নিজস্ব অস্তিত্বৰ অধিকাৰিনী ৰূপত নাৰীক প্ৰকৃত সামাজিক মৰ্যাদা দিয়া হয়।" লোকমন্থন ২০২২ৰ অন্তিম দিনাৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকা কেৰেলাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খানে এনেদৰে নিজৰ অনুভৱ ব্যক্ত কৰে। ভাষণৰ আৰম্ভণিতে তেখেতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰকাৰ্যবাহ শ্ৰী দত্তাত্ৰেয় হজাবলেক লোক পৰম্পৰাত অনুভৱৰ জ্ঞান সন্দৰ্ভত এক সঠিক দিক নিৰ্দেশনা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শক্তি পৰম্পৰাৰ ৰূপত নাৰীৰ স্থিতিৰ লগতে তেখেতে ভাৰতীয় চেতনা সন্দৰ্ভত মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে। ভাৰতবৰ্ষৰ প্ৰতি কোণে কোণে স্থানীয়ত্বৰ মাজত থকা বিশ্বজনীনতাৰ বিষয় লৈ তেখেতে গৌৰৱ অনুভৱ কৰে। মহম্মদ খানে ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ উদ্ধৃতি দি কয় যে সভ্য মানৱ জীৱনৰ বাবে কৰুণাৰ ভাৱ অন্তৰত জন্মোৱা উচিত। আৰু নাৰীয়ে কৰুণা স্বভাৱজাত ভাৱেই আহৰণ কৰিছে। শক্তি আৰু কৰুণাৰ সংমিশ্ৰণৰ উদাহৰণ দিবলৈ তেখেতে মহাভাৰতৰ অন্যতম দুই শক্তিশালী নাৰী চৰিত্ৰ কুন্তী আৰু দ্ৰোপদীৰ উদাহৰণ দাঙি ধৰে। ভাৰতীয় সভ্যতাই ত্যাগৰ সংস্কৃতিত বিশ্বাস কৰে। এই ত্যাগ আত্মোপলব্ধিৰ পৰা উৎপন্ন হোৱা। ৰবীন্দ্ৰনাথ ঠাকুৰৰ এক বক্তব্য সন্দৰ্ভত বাখ্যা কৰি তেখেতে কয় যে ভাৰত ৰাষ্ট্ৰৰ অস্তিত্ব কোনো ভৌতিক বস্তুত নাই, ই আছে চিন্তা আৰু মনোজগতত। প্ৰফেটত থকা ভাৰত বন্দনাৰ কথাও ৰাজ্যপাল গৰাকীয়ে নিজা বক্তব্যত উল্লেখ কৰে। পৃথিৱীৰ বিভিন্ন দেশ যেনে ইৰান বৈভৱৰ বাবে, চীন কৌশলৰ বাবে, ৰোম সৌন্দৰ্যৰ বাবে, তুৰ্কী শক্তিৰ বাবে প্ৰসিদ্ধ। কিন্তু ভাৰতেই একমাত্ৰ দেশ যি জ্ঞান আৰু প্ৰজ্ঞাৰ সংবৰ্ধনৰ বাবে প্ৰসিদ্ধ। সাৰ্বভৌমত্ব ভাৰতৰ বাবে কেৱল সংবিধান প্ৰদত্ত নহয়। ভাৰত স্বভাৱগত ভাৱেই ইতিহাসৰো পূৰ্বৰ পৰাই এখন সাৰ্বভৌম ৰাষ্ট্ৰ। তেখেতে লগতে কয় যে শক্তিমন্ত এখন ভাৰত কাৰো শংকাৰ কাৰণ নহয়। ভাৰতে কাৰো সৈতে উপযাচি শত্ৰুতা নকৰে কিন্তু ভাৰতে আক্ৰমণকাৰী শক্তিক প্ৰশয়ো নিদিয়ে। ভাৰতৰ সাম্যবাদী সংস্কৃতি ৫০০০ বছৰ পুৰণি। কিন্তু আমাৰ মূল্যবোধ আৰু আদৰ্শক আক্ৰমণ কৰিলে তাক ৰক্ষাৰ বাবে বীৰৰ ভূমিকাৰে অৱতীৰ্ণ হ'বলৈও ভাৰতে শংকা নকৰে। আমাৰ কোমল শক্তিক আঘাত কৰিলে কঠিন শক্তিৰে তাক প্ৰতিৰোধ কৰিব লাগিব বুলিও তেখেতে মন্তব্য কৰে। ভাৰত পুৰাতন যদিও নিত্য নতুন আৰু প্ৰাচীন ভাৰত, প্ৰাচীনতা আৰু নিয়ম অনুসাৰে এইবোৰ পালন কৰাৰ ক্ষমতা ভাৰতবাসীৰ আছে বুলিও তেখেতে বক্তব্যত উল্লেখ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰকাৰ্যবাহ শ্ৰী দত্তাত্ৰেয় হজাবলেয়ে নিজা বক্তব্যত 'ফ'ক'ৰ উৰ্ধৰ 'লোক'ৰ কথা উল্লেখ কৰে। তেখেতে সমগ্ৰ প্ৰফুল্লিত জনসমষ্টিৰ কথা কয় যি সংকীৰ্ণ 'ফ'ক' শব্দৰ উৰ্ধত। তেখেতে ৰাষ্ট্ৰ সম্বন্ধত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে যে ৰাষ্ট্ৰ সংবিধান, শাসন, মুদ্ৰা, নিয়মৰ দ্বাৰা গঠিত নহয়, গঠিত হয় ভূমি, জন, সংস্কৃতিৰ দ্বাৰা। ভূমি হেৰুৱাৰ পিছতো ৰাষ্ট্ৰীয়তাবোধৰ সংস্কৃতিৰ চেতনা এক জনসমষ্টিয়ে হাজাৰ বছৰলৈও কঢ়িওৱা সম্ভৱ বুলি হজাবলেয়ে কয়। লোক পৰম্পৰাবোৰৰ মাজতে এই ৰাষ্ট্ৰ চৈতন্য জীৱিত হৈ থাকে। আনহাতে ভাষণ প্ৰসংগত তেখেতে আমাৰ প্ৰাচীন ভাৰতীয় পৰম্পৰাবোৰৰ কথা কয় যিবোৰ পুৰুষানুক্ৰমে প্ৰৱাহিত হৈছে। এই জ্ঞান পৰম্পৰাগত প্ৰয়োগৰ পৰা নিৰ্গত হয়, এই জ্ঞান অনুভৱ আৰু উপলব্ধিৰ ফলাফল। কিতাপতে ই সীমাবদ্ধ নহয়। লোকজ্ঞান অভিজ্ঞতাৰ অনুভৱ। এই সন্দৰ্ভত তেখেতে খনাৰ বচনৰ কথা উল্লেখ কৰে। অসমৰ ডাকৰ বচনৰ দৰে পশ্চিম বংগৰ খনাৰ বচনে কৃষিকে ধৰি জীৱন নিৰ্বাহ সম্বন্ধীয় অসংখ্য কথাৰ নিৰ্দেশনা দিয়ে। যিবোৰ হাজাৰ বছৰ ধৰি মানৱ জাতিৰ অনুকূলে গৈছে। এয়াই লোক জ্ঞান। হজাবলে মহোদয়ে লগতে উল্লেখ কৰে যে ভূমিয়ে সকলোকে ধাৰণ কৰে। ভিন্নতাৰ প্ৰতি লোক পৰম্পৰা সদা সচেতন। তেখেতে ভাষণৰ সামৰণিত উল্লেখ কৰে যে আজিৰ সময়ত লোক পৰম্পৰা সমূহ কিতাপ আৰু আলোচনাৰ বিষয়। এই পৰম্পৰাসমূহ প্ৰয়োগ নহ'লে ই যাদুঘৰৰ বিষয় হৈ পৰিব। যদি পৰম্পৰাই নাথাকে তেতিয়া লোক জীৱনৰো কোনো অস্তিত্ব নাথাকিব। লোক জীৱনে কোনো প্ৰতিদান অবিহনে লোক পৰম্পৰালৈ লক্ষ্য কৰে। লোক মন্থনৰ দৰে অনুস্থানৰ উদ্দেশ্য হৈছে আমাৰ 'লোক' জীৱনক ধৰি ৰখা আৰু প্ৰকৃত প্ৰয়োগ সন্দৰ্ভত সচেতনতা ব্যক্ত কৰা। ড° মল্লিকা কন্দলীৰ পৰিকল্পনাত ভাৰত বন্দনাৰ প্ৰদৰ্শনে আজিৰ বিশেষ অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। আজিৰ অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে অসম চৰকাৰৰ শিক্ষা সচিব ড° ননীগোপাল মহন্তই। তেখেতে চমু ভাষণত লোক মন্থন অনুষ্ঠানৰ আয়োজনৰ বাবে উত্তৰ-পূৰ্বাঞ্চলতকৈ উপযুক্ত ঠাই নাই বুলি মন্তব্য কৰে। প্ৰায় ২৭০ টাতকৈ অধিক জনগোট, ১৮৫ টাতকৈ অধিক ভাষাৰে বৈচিত্ৰময় উত্তৰ-পূৰ্বাঞ্চল পৃথিৱীৰে এক অনবদ্য অঞ্চল। মহন্তই প্ৰসংগক্ৰমে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ "মইয়েই খাচীয়া... বৰলুইতত হৈ যাওঁ একাকাৰ" কবিতাটো পাঠ কৰি তাত অন্তৰ্নিহিত উত্তৰ-পূবৰ নানা ৰঙী সংস্কৃতিৰ কথা উল্লেখ কৰে। ইয়াৰ লগতে মহন্তই ১৫ শতিকাতে "ধন্য ধন্য ভাৰত বৰিষ" বুলি কৈ যি ভাৰতবোধৰ কথা কৈ গৈছে তাক পুনৰ দোহাৰে।আজিৰ অনুষ্ঠানতে দুখন গ্ৰন্থ আৰু এখন পত্ৰিকা উন্মোচন কৰা হয়। সমুদ্ৰগুপ্ত কাশ্যপৰ "আচাম গ্ৰেট হিৰ'জ হু ফাইট দা মুছলিম ইমিগ্ৰেণ্টচ", ডেভিড দি থংটাৰ "দ্যা আনটল্ড হিষ্ট্ৰী অৱ এনচিয়েণ্ট চাউথ ইষ্ট এছিয়া" আৰু "দা আইক'নিক ফিগাৰছ অৱ নৰ্থ ইষ্ট" নামেৰে এইবাৰৰ সংখ্যা বিশেষভাৱে সজোৱা এখন পত্ৰিকা। আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথিসকলৰ লগতে মঞ্চ শুৱনি কৰে শ্ৰীকান্ত কাটধাৰে, শ্ৰী হৰি, অভিজিত গোখলে আৰু সঞ্জয়ে।  অনুষ্ঠানৰ শেষত ড° ননীগোপাল মহন্তই অভ্যাগতসকলৰ প্ৰতি কৃতজ্ঞতাসূচক মন্তব্য আগবঢ়ায়। 

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৰাষ্ট্ৰীয় বৌদ্ধিক সংগঠন 'প্ৰজ্ঞা প্ৰৱাহ'ৰ মানস সন্তান বহু প্ৰত্যাশিত লোকমন্থন অনুষ্ঠানৰ তৃতীয়টো সংস্কৰণৰ আজি অন্ত পৰে। লোকমন্থন ২০২২ অসমৰ ইতিহাসত এক স্মৰণীয় মূহূৰ্ত হৈ ৰ'ব আৰু অহা বৰ্ষবোৰতো এনেদৰেই সৰ্বত্ৰ প্ৰভাৱ বিস্তাৰ কৰিব বুলি উদ্যোক্তাসকল আশাবাদী। চাৰিওটা দিনতেই লোকমন্থনৰ অনুষ্ঠানলৈ দিনে-নিশাই হাজাৰ হাজাৰ লোকৰ আগমণ ঘটিল। হাজাৰৰো অধিক সদস্যৰ অংশগ্ৰহণেৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ধৰ্ম-সংস্কৃতি-লোক পৰম্পৰা আদান-প্ৰদানৰ ক্ষেত্ৰলৈ পৰিণত হ'ল। দেশৰ বিভিন্ন ঠাইৰ পৰা অহা পণ্ডিত-বুদ্ধিজীৱিসকলে লোক পৰম্পৰা-লোক সংস্কৃতি সন্দৰ্ভত নিজা নিজা মতামত ব্যক্ত কৰিলে। ভাৰতবৰ্ষ তথা উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি-পৰম্পৰাৰ বিষয়ে বিস্তৰ আলোচনা হ'ল বিভিন্ন আলোচনা সত্ৰসমূহত। আজিৰ দিনটোতো লোক পৰম্পৰাত সংস্কাৰ আৰু কৰ্তব্যৰ ধাৰণা, লোক পৰম্পৰাত পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যতা, লোক পৰম্পৰাত পৰিৱেশ আৰু পানী সংৰক্ষণ ইত্যাদি বিভিন্ন বিষয়ত মনোজ্ঞ আলোচনা অনুষ্ঠিত হৈ যায়। এইবাৰৰ লোক মন্থনৰ বিষয় বস্তু লোক পৰম্পৰাক ভিত্তি কৰি আয়োজন থলীৰ সামগ্ৰিক পৰিৱেশো লোক সংস্কৃতিৰ বিভিন্ন বিষয়ৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা হৈছিল। ৰংঘৰ, কামাখ্যা মন্দিৰ, থলুৱা খেল-ধেমালিৰ প্ৰদৰ্শনী, মুখা শিল্প, থলুৱা স্থাপত্যৰ প্ৰদৰ্শনীৰ লগতে কেইবাখনো খাদ্য বিপনী আৰু বস্ত্ৰ বিপনীয়ে সকলোৱে আহ্লাদিত কৰে। ইয়াৰ লগতে প্ৰতিদিনেই আয়োজিত উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতৰ বৈচিত্ৰময় কলাৰ প্ৰদৰ্শন আছিল অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। কৰ্ণাটকৰ যক্ষগানৰ পৰা মেঘালয়ৰ ৱাংগালা, অসমৰ বিহু নাচে সংস্কৃতিৰ বৈভৱক প্ৰদৰ্শন কৰিলে। কল্পনা পাটোৱাৰী, দিক্ষু, নীল আকাশ, টেটছিউ ছিষ্টাৰছ, মাংকা লাইহুই, ময়ূৰী দত্তৰ সংগীতৰ মায়াজালে প্ৰতিটো সন্ধিয়া বৰ্ণিল কৰি তুলিলে। আজিৰ অনুষ্ঠানতে লোকমন্থনৰ ২০২২ৰ কাৰ্যকৰী সভাপতি ড° গাৰ্গী মহন্ত শইকীয়াই আয়োজক সমিতিৰ সদস্যসকলৰ সৈতে সকলোকে পৰিচয় কৰাই দিয়ে আৰু এইসকলৰ বাহিৰেও দিনে-নিশাই কৰ্মৰত প্ৰতিজন কৰ্মীকে অশেষ ধন্যবাদ জ্ঞাপন কৰে।