মাজুলী মহাবিদ্যালয়ত 'ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস' পালন 

মাজুলীৰ উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সৌজন্যত এক অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 'ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস'ৰ লগত সংগতি ৰাখি আয়োজন কৰা কাৰ্যসূচীৰ অংশ হিচাপে মহাবিদ্যালয় চৌহদত গোটৰ সদস্যসকলে এক চাফাই অভিযানত অংশ লয়। হাতে হাতে প্লে কাৰ্ড আৰু পষ্টাৰ লৈ পৰিষ্কাৰ- পৰিচ্ছন্নতা সম্পৰ্কে এক সজাগতা সৃষ্টি কৰিব বিচৰা এই অনুষ্ঠানত উদ্বোধনী বক্তব্য প্ৰদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড: দেৱজিৎ শইকীয়াই গোটৰ সদস্যসকলক বিশেষ দিনটিৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মহাবিদ্যালয় তথা সামাজিক দিশত গোটে প্ৰদৰ্শন কৰা দায়বদ্ধতাৰ শলাগ লয়। লগতে সমাজসেৱাৰ জৰিয়তে কেনেকৈ সমাজ এখনৰ পৰিবৰ্তন হ'ব পাৰে, তাৰো ব্যাখ্যা দাঙি ধৰে। গোটৰ তত্তাৱধায়ক বিষয়া তথা অধ্যাপক ড: অৰূপ বুঢ়াগোঁহাইৰ নেতৃত্বত সম্পন্ন হোৱা এই কাৰ্যসূচীত বিষয়াগৰাকীয়ে গোটৰ বিভিন্ন কাৰ্যপন্থাৰ বিষয়ে সকলোকে অৱগত কৰে। ইয়াৰ পিছতেই গোটৰ সদস্যসকলে হাতে-কামে লাগি মহাবিদ্যালয় চৌহদৰ বিভিন্ন আৱৰ্জনা আঁতৰ কৰাৰ লগতে চৌহদটি নিজা শ্ৰম দানেৰে পৰিষ্কাৰ কৰি তোলে । মহাবিদ্যালয়ৰ মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক বিপুল ৰাজখোৱা, অধ্যাপক তুলসী ৰাজখোৱা, প্ৰণৱজ্যোতি বৰা, নৱ দাস, আচাৰ্য মোহন দাস, ড: মঃ অমিনুল ইছলাম প্ৰমুখ্যে বিভিন্নজনে অংশ লৈ কাৰ্যসূচীসমূহ সাফল্যমণ্ডিত কৰাত সফল কৰে ।