কিছুদিন পূৰ্বে এটি শিশুৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা নলবাৰী চহৰত আজি পুনৰ এক অনুৰূপ ঘটনা সংঘটিত হৈছে।

এইবাৰ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ এগৰাকী কৰ্মীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিছে।

চিকিৎসালয় খনত থকা ডায়েলেছিছ চেণ্টাৰত থকা আৰ অ' কোঠাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় কৰ্মচাৰীজনৰ।

কৰুণ মৃত্যুক সাৱটি লোৱা চিকিৎসালয়খনৰ কৰ্মচাৰীজনক বিজন দাস বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, তেওঁৰ ঘৰ গুৱাহাটীত।

কি কাৰণত এই ঘটনা সংঘটিত হ’ল সেই কথা জানিব পৰা নাই যদিও কৰ্মচাৰীজনৰ মৃত্যুত এতিয়া হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসায়লত।