ৰামপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত তথা জিলা স্বাস্থ্য সমিতি ,কামৰূপৰ সহযোগত নহিৰা নোৱাহাট পাৰা ভেটেৰিনাৰি ক্লিনিক প্ৰাংগণত কালি স্বাস্থ্য সেৱা অভিযান-২ ৰ অধীনত এক বিশেষ স্বাস্থ্য শিবিৰ অনুস্হিত কৰা হয়। এই বিশেষ স্বাস্হ্য শিবিৰ মুকলি কৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে। শিবিৰ মুকলি অনুষ্ঠানত কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুণীন্দ্ৰ নাথ দেৱশৰ্মা, ৰামপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ পদ্মিনী মহন্ত, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,কামৰূপ জিলাৰ আঁচনি প্ৰবন্ধক স্মিতা শইকীয়াকে ধৰি জিলা স্বাস্থ্য বিভাগৰ বিশিষ্ট ব্যক্তি সকল উপস্হিত থাকে।
এই শিবিৰত কামৰূপ জিলাৰ বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলে স্বাস্থ্য সেৱা আগবঢ়ায়। শিবিৰত বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদানৰ উপৰি বিনামূলীয়া ঔষধ বিতৰণ তথা বিনামূলীয়া লেবেৰটেৰী পৰীক্ষণো কৰা হয়। কামৰূপ জিলাত উপলব্ধ "ভ্ৰাম্যমাণ চিকিৎসা গোট" আৰু "সঞ্জীৱনী স্বাস্থ্য সেৱা কেন্দ্ৰৰ" যোগেদিও এই শিবিৰত স্বাস্থ্য সেৱা প্ৰদান কৰা হয়।
এই বিশেষ স্বাস্থ্য শিবিৰত সৰ্বমুঠ ২৮৩ জন লোকে বিনামূলীয়া স্বাস্থ্য সেৱা লাভ কৰে। তাৰ ভিতৰত ৫২ গৰাকী প্ৰসূতিয়ে প্ৰাক প্ৰসৱ পৰীক্ষণ লাভ কৰে। প্ৰসূতি বিভাগ, শিশু ৰোগ বিশেষজ্ঞ, মনোৰোগ বিশেষজ্ঞ আদি বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকে আগবঢ়োৱা স্বাস্থ্য সেৱাৰ উপৰি এই শিবিৰত ২৫৯ টা লেবৰেটাৰী পৰীক্ষণ কৰা হয়।
এই বিশেষ স্বাস্থ্য শিবিৰ সফল্যমণ্ডিত কৰি তোলাৰ বাবে জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে স্হানীয় জনসাধাৰণক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে।