সাংস্কৃতিক বিকাশ আৰু নাৰী অধিকাৰ মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিত "দিহানাম" প্ৰতিযোগিতা ৷
# অহা ইংৰাজী ২২ অক্টোবৰ ২০২২ ৰ শনিবাৰে বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতাখন ৷
# আগতীয়াকৈ যোগাযোগ কৰিবৰ বাবে মোবাইল নম্বৰ কেইটা হ'ল - ৯৪৩৫৫৬৪৫৪১, ৮৮৭৬৪৩০৮৫৩, ৭০০২৮৯৯৪৬৭, ৮৬৩৮৩৭৬৩৭১
# প্ৰতিযোগিতাৰ নিয়মৱলী সমূহ হ'ল -
১/ প্ৰতিযোগিতাৰ ভৰ্ত্তি মাছুল - ৫০০ টকা ৷
২/ প্ৰতিটো দলৰ সদস্য সংখ্যা বাদ্যযন্ত্ৰীসহ সৰ্বাধিক ১২ জনৰ অধিক হ'ব নোৱাৰিব ৷
৩/ প্ৰতিযোগিতাত দিহানাম পৰিৱেশনৰ সময় ১০ ৰ পৰা ১২ মিনিট হ'ব লাগিব ।
৪/ প্ৰতিযোগী দলসমূহে ১৫ অক্টোবৰৰ ভিতৰত উদযাপন সমিতিৰ লগত যোগাযোগ কৰি নিজ দলৰ নাম জমা দিয়াটো বাধ্যতামূলক।
৫/ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ -
(ক) প্ৰথম পুৰস্কাৰ নগদ ১৫,০০০টকা, এটা ট্ৰফি আৰু মানপত্ৰ ৷
(খ) দ্বিতীয় পুৰস্কাৰ নগদ ১০,০০০ টকা, ট্ৰফি আৰু মানপত্ৰ ৷
(গ) তৃতীয় পুৰস্কাৰ নগদ ৫,০০০ টকা, ট্ৰফি আৰু মানপত্ৰ ৷
(ঘ) ইয়াৰোপৰি ৫ টা বিচাৰকৰ বিশেষ বঁটা প্ৰদান হ'ব ।
৬/ বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব ।