আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি, চৰকাৰী চিকিৎসকৰ চাকৰিৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

পূৰ্বতে চৰকাৰী চিকিৎসকৰ অৱসৰৰ বয়য় ৬৫ আছিল যদিও এতিয়া এই সময়সীমা বৃদ্ধি কৰি ৭০ বছৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাজ্যখনত চৰকাৰী চিকিৎসকৰ নাটনিৰ সমস্যা দেখা দিয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লয় আজিৰ কেবিনেটে।