""আজি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দ্বাৰা মুকলি কৰে হ'ল ভাৰত-ভূটান সীমান্তৰ চামৰাং প্ৰবেশ দ্বাৰ

 ""ভাৰতীয় পৰ্যটক সকলৰ বাবে সুখবৰ ৷

 ইণ্ডো-ভূটান ফ্ৰেণ্ডছশ্বীপ এছ’চিয়েছনৰ উদ্যোগত আজি চুবুৰীয়া ড্ৰাগণৰ দেশ ভূটানলৈ প্ৰবেশৰ বাবে ওদালগুৰি জিলাৰ চামৰাং প্ৰবেশ দ্বাৰ মুকলি কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷ 

ভাৰতীয় নাগৰিকে বিনামূলীয়াকৈ ভোটাৰ পৰিচয় পত্ৰ বা আধাৰ কাৰ্ড প্ৰদৰ্শন কৰি ভূটানত চামৰাং পথেৰে প্ৰবেশ কৰাৰ সুযোগ লাভ কৰিব ৷ 

 ভূটানৰ ভাংটাৰ মহকুমাৰ মহকুমাধিপতি দাসৌ নাম্‌গী, চামৰাঙৰ জিমি সিংগী দুম্পা, ৰ’য়েল ভূটান আৰ্মীৰ লেফটেন্ট কাডৌ ভাংটি, 

ইণ্ডো-ভূটান ফ্ৰেণ্ডছশ্বীপ এছ’চিয়েছনৰ সমন্বয়ক ক্ৰমে প্ৰগৱৰ শ্ৰং ডাৰ্গী আৰু ডেভিদ বড়ো, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ পেগু, বামুনজুলি ভিচিডিচিৰ অধ্যক্ষ দৰ্পণ শৰ্মাকে ধৰি অনুষ্ঠানত দুয়োখন দেশৰ চৰকাৰী প্ৰতিনিধি উপস্থিত থাকে ৷