ৰে'লৱে কাৰখানা সমূহ এটা এটাকৈ পুজিঁপতিৰ হাতত বিক্ৰী কৰিবলৈ ওলোৱা কাৰ্যক অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচন চমুকৈ এ আই আৰ এফে তীব্ৰ বিৰোধিতা কৰিছে আৰু কাৰখানা সমূহ ৰে'ল বিভাগৰ দ্বাৰা পৰিচালিত কৰাৰ দাবীত আজি সমগ্ৰ দেশতে " চেভ ৰে'লৱে প্ৰডাকচন ইউনিট ডে" পালন কৰা হয় ।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

এই উপলক্ষে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ দুয়োটা কাৰখানা বঙাইগাওঁ আৰু ডিব্ৰুগড়ত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । মজদুৰ ইউনিয়নৰ সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তী বঙাইগাৱঁৰ প্ৰতিবাদী সভাত উপস্থিত থাকি কয়, ভাৰতীয় ৰে'লৱেক নিগমলৈ ৰূপান্তৰিত কৰিব খোজা প্ৰক্ৰিয়াটোৱেই হ'ল ব্যক্তিগতকৰণৰ নামান্তৰ ।

কেন্দ্ৰীয় চৰকাৰে ৰে'লৰ বিভিন্ন বিভাগ যেনে উৎপাদন গোট, ৰে'লৱে ট্ৰেইন, ষ্টেচন, চিকিৎসালয়, বিদ্যালয়, ষ্টেডিয়াম সমূহক ব্যক্তিগত খণ্ডলৈ নিয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । ইয়াৰ ফলত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱাৰ লগতে সৰ্বসাধাৰণ ভীষণ সমস্যাৰ সন্মুখীন হ'ব । তেওঁ নতুন পেঞ্চন নীতিৰ তীব্ৰ প্ৰতিবাদ জনাই কয় যে এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে আৰম্ভণিৰে পৰা নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে আন্দোলন চলাই আহিছে আৰু প্ৰত্যাহাৰ নোহোৱা পৰ্য্যন্ত মজদুৰ ইউনিয়নে আন্দোলন চলাই যাব । চক্ৰৱৰ্তীয়ে নতুন পেঞ্চন নীতি বাতিল আৰু অন্যান্য কেতবোৰ দাবীৰ সমৰ্থনত অহা ১২ অক্তোবৰ তাৰিখে হ'বলগীয়া গণ অনশন কাৰ্যসূচীত সকলোকে অংশ গ্ৰহণৰ বাবে আহ্বান জনায় । প্ৰতিবাদী সভাত এ আই আৰ এফৰ উত্তৰ পূৱৰ সম্পাদক পীযুষ চক্ৰৱৰ্তীয়ে দেশৰ সম্পদ সমূহ এটা এটাকৈ বিক্ৰী কৰিবলৈ ওলোৱা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে । তেওঁ কয় যে এইখন চৰকাৰে নতুন উদ্যোগ স্থাপনত গুৰুত্ব নিদি ৰে'লৰ দৰে লাভজনক উদ্যোগ সমূহ বিক্ৰী কৰাতহে লাগিছে । বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে শ্ৰমজীৱি ৰাইজলৈ কঢ়িয়াই আনিছে অভূতপূৰ্ব দুৰ্যোগ আৰু যন্ত্ৰণা । তেওঁ কেন্দ্ৰীয় চৰকাৰক সকিয়াই দি কয় যে চৰকাৰৰ এনে জনবিৰোধী নীতিৰ ফলত এনে এটা সময় আহিব যেতিয়া আমাৰ নিৰৱতা আমাৰ কণ্ঠস্বৰতকৈ বেছি সৰৱ হৈ উঠিব । সভাত ইউনিয়নৰ কেন্দ্ৰীয় উপ সভাপতি মৃণাল শীল, সহকাৰী সাধাৰণ সম্পাদক কল্লোল দেৱ শৰ্মা, ওৱৰ্কশ্বপ শাখাৰ সম্পাদক শংকৰ দাসেও বক্তব্য ৰাখে । *ডিব্ৰুগড় কাৰখানাত* অনুষ্ঠিত প্ৰতিবাদী সভাত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ উপ সভাপতি দিবাকৰ বৰুৱা আৰু ডিব্ৰুগড় ওৱৰ্কশ্বপ শাখাৰ সভাপতি হৰিশ দাসে কাৰখানা সমূহ ব্যক্তিগতকৰণ কৰিবলৈ ওলোৱাত প্ৰতিবাদ জনায় । তেওঁলোকে কয় যে ইয়াৰ ফলত ৰে'ল কৰ্মচাৰীয়েই অকল ক্ষতিগ্ৰস্ত ন'হব, যিসকল থলুৱা যুৱক যুৱতীয়ে কাৰখানাৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছিল তেওঁলোকো ক্ষতিগ্ৰস্ত হ'ব ।