চিৰাঙৰ বিজনীৰ চাৰাংগুৰীত শুকুৰবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয়। নিজ গৃহতে শুই থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত এজন লোকৰ।

চিকিৎসালয়খনত লেবেৰটৰ টেকনিচিয়ান হিচাপে কৰ্মৰত লোকজন দ্বীপেন্দ্ৰ বসুমতাৰী (৩৯) বুলি চিনাক্ত কৰিছে।

নিহত দ্বীপেন্দ্ৰৰ ডিঙিত চোকা অস্ত্ৰৰ চিহ্ন স্পষ্ট ৰূপত আছে বুলি জানিব পৰা গৈছে।

ঘৰত কোনো নথকাৰ সুযোগত দুষ্কৃতিকাৰীয়ে দ্বীপেন্দ্ৰক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। 

উল্লেখ্য দ্বীপেন্দ্ৰ বসুমতাৰীৰ পত্নী অৰুণা বসুমতাৰী তিনি মাহ পূৰ্বে বিজনীৰ পাণবাৰী থাইচোবাৰীত থকা নিজৰ মাকৰ ঘৰলৈ যায়। যাৰ বাবে দ্বীপেন্দ্ৰই নিজৰ মাকৰ সৈতে থাকিবলৈ লয়। 

পুৱা দ্বীপেন্দ্ৰই বজাৰ কৰি ঘৰলৈ আহিছিল। পিছত দুপৰীয়া মাকে দ্বীপেন্দ্ৰক ভাত খাবলৈ মাতিবলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত ঘটনাটো প্ৰত্যক্ষ কৰে। 

খবৰ পাই ঘটনাস্থলীত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়সহ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।