নুমলীগড়ৰ মৰঙিৰ ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ত দুৰ্গাপূজা উপলক্ষে আইন শৃংখলাজনীত পৰিস্থিতি সম্পৰ্কত সভা

মৰঙি ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত আজি মৰঙি মৌজাৰ প্ৰায় কুৰিখনৰো অধিক পূজা সমিতি , গাওঁৰক্ষী বাহিনী , দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ উপস্থিতিত এখন সভা অনুস্থিত হয় ৷ মৰঙি ৰাজহচক্ৰ বিষয়া সভাপতিত্বত অনুস্থিত সভাত আগন্তুক দুৰ্গাপূজা উপলক্ষে চৰকাৰী নিৰ্দেশনা সমুহ প্ৰতিখন পূজা সমিতিয়ে পালন কৰাৰ লগতে আইন শৃংখলাজনিত পৰিস্থিতিৰ ওপৰতো পৰ্যালোচনা কৰা হয় ৷