কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত , কমাৰগাঁও মহাবিদ্যালয় আৰু গোলাঘাট বনসংমণ্ডলৰ বিশেষ সহযোগত কালি দিনযোৰা কাৰ্যসূচীৰে বিশ্ব গঁড় দিৱস উদযাপন কৰে। এই উপলক্ষে পুৱা ৩০ জন নিৰ্বাচিত ছাত্ৰ ছাত্ৰীয়ে কাজিৰঙাৰ কঁহৰা চাৰি আলিৰ পৰা কমাৰগাঁও কলেজলৈকে গঁড় দিৱস উপলক্ষে সজাগতামুলক চাইকেল ৰেলী কৰে। সমান্তৰাল ভাৱে বিশ্ব গঁড় দিবসৰ লগত সংগতি ৰাখি কঁহৰা, বোকাখাত, ৰজাবাৰী, নুমলীগড়, আৰু কমাৰগাঁও আদি ঠাইত বাটৰ নাট প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে কমাৰগাঁও মহাবিদ্যালয়ৰ ড০ ভুপেন হাজৰিকা সোঁৱৰণী প্ৰেক্ষাগৃহত বিশ্ব গঁড় দিৱসৰ মুল কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত কাজিৰঙাৰ পৰা ব্ৰহ্মপুত্ৰ চৰ চাপৰিলৈ খাদ্যৰ সন্ধানত বিভিন্ন সময়ত ওলাই অহা গড়ৰ সুৰক্ষাৰ বিষয়ে ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজত সজাগ কৰি বিশেষ সমল ব্যক্তিৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত মত বিনিময় আৰু তথ্যচিত্ৰ উপস্থাপন কৰে প্ৰকৃতি প্ৰেমী উত্তম শইকীয়া আৰু কাজিৰঙাৰ গবেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰী সকলৰ মাজত এখনি আকস্মিক বক্তিতা প্ৰতিযোগিতাও অনুষ্ঠিত কৰি বিজয়ী প্ৰতিযোগীসকলক বঁটা বিতৰণ কৰা হয়। গীতাঞ্জলি কলিতাই আঁত ধৰা অনুস্থানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক, পুৱ অসম বন্য প্ৰানী সংমণ্ডল বিষয়া, গোলাঘাট বন সংমণ্ডল বিষয়া, অতিৰিক্ত অধীক্ষক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, সহকাৰী বন সংরক্ষক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কমাৰগাওঁ মহাবিদ্যালয় অধ্যক্ষ বিজুলি বৰচেতীয়া, কৃষি বিষয়া অলকানন্দা কাকতি, প্ৰকৃতি প্ৰেমী, বোকাখাত ইলেকট্রনিক মিডিয়া জাৰ্নেলিষ্ট এচচিয়েছনৰ সভাপতি প্ৰদীপ কুমাৰ বৰা, কমাৰগাওঁ প্ৰেছ ক্লাবৰ সম্পাদক ৰিন্টু দুৱৰা, আদিয়ে বক্তব্য প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Anganwadi women stage protest over pending demands in Bharuch | TV9GujaratiNews
Anganwadi women stage protest over pending demands in Bharuch | TV9GujaratiNews
અમદાવાદ શહેરમાં વડાપ્રધાન મોદીના રોડ શો પહેલાં ગુજરાત પોલીસ દ્વારા ગ્રાન્ડ રિહર્સલ કરવામાં આવ્યું.
અમદાવાદ શહેરમાં વડાપ્રધાન મોદીના રોડ શો પહેલાં ગુજરાત પોલીસ દ્વારા ગ્રાન્ડ રિહર્સલ કરવામાં આવ્યું.
શ્રી રામાબાપુ કૈલાસ ધામ ગૌશાળા માલગઢ મો રાજાજી ખેંગારજી ટાંક દ્વારા ઉતરાણ પર્વ નિમિત્તે દાન અપાયું
શ્રી રામાબાપુ ગૌશાળા કૈલાસધામ માલગઢ ના સ્વયંસેવકો શ્રી સવાજી કસ્તુરજી પરમાર અને શ્રી સોમાજી...
સિહોર શહેરમાં આજે ગણેશ વિસર્જન કરવામાં આવશે
દસ દિવસથી શહેર દુંદાળાદેવની આરાધનામાં લીન બન્યું છે. લોકો ઠેર-ઠેર વિવિધ આયોજનમાં ભકિતભાવથી જોડાઇ...
शिक्षक मतदार संघासाठी नव्याने याद्या तयार करण्याचा कार्यक्रम जाहिर पात्र शिक्षकांनी वेळेत अर्ज करावेत
परभणी,दि.30 : औरंगाबाद विभाग शिक्षक मतदार संघ निवडणूकीसाठी 1 नोव्हेंबर, 2022 अर्हता दिनांकावर...