কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত , কমাৰগাঁও মহাবিদ্যালয় আৰু গোলাঘাট বনসংমণ্ডলৰ বিশেষ সহযোগত কালি দিনযোৰা কাৰ্যসূচীৰে বিশ্ব গঁড় দিৱস উদযাপন কৰে। এই উপলক্ষে পুৱা ৩০ জন নিৰ্বাচিত ছাত্ৰ ছাত্ৰীয়ে কাজিৰঙাৰ কঁহৰা চাৰি আলিৰ পৰা কমাৰগাঁও কলেজলৈকে গঁড় দিৱস উপলক্ষে সজাগতামুলক চাইকেল ৰেলী কৰে। সমান্তৰাল ভাৱে বিশ্ব গঁড় দিবসৰ লগত সংগতি ৰাখি কঁহৰা, বোকাখাত, ৰজাবাৰী, নুমলীগড়, আৰু কমাৰগাঁও আদি ঠাইত বাটৰ নাট প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে কমাৰগাঁও মহাবিদ্যালয়ৰ ড০ ভুপেন হাজৰিকা সোঁৱৰণী প্ৰেক্ষাগৃহত বিশ্ব গঁড় দিৱসৰ মুল কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত কাজিৰঙাৰ পৰা ব্ৰহ্মপুত্ৰ চৰ চাপৰিলৈ খাদ্যৰ সন্ধানত বিভিন্ন সময়ত ওলাই অহা গড়ৰ সুৰক্ষাৰ বিষয়ে ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজত সজাগ কৰি বিশেষ সমল ব্যক্তিৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত মত বিনিময় আৰু তথ্যচিত্ৰ উপস্থাপন কৰে প্ৰকৃতি প্ৰেমী উত্তম শইকীয়া আৰু কাজিৰঙাৰ গবেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰী সকলৰ মাজত এখনি আকস্মিক বক্তিতা প্ৰতিযোগিতাও অনুষ্ঠিত কৰি বিজয়ী প্ৰতিযোগীসকলক বঁটা বিতৰণ কৰা হয়। গীতাঞ্জলি কলিতাই আঁত ধৰা অনুস্থানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক, পুৱ অসম বন্য প্ৰানী সংমণ্ডল বিষয়া, গোলাঘাট বন সংমণ্ডল বিষয়া, অতিৰিক্ত অধীক্ষক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, সহকাৰী বন সংরক্ষক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কমাৰগাওঁ মহাবিদ্যালয় অধ্যক্ষ বিজুলি বৰচেতীয়া, কৃষি বিষয়া অলকানন্দা কাকতি, প্ৰকৃতি প্ৰেমী, বোকাখাত ইলেকট্রনিক মিডিয়া জাৰ্নেলিষ্ট এচচিয়েছনৰ সভাপতি প্ৰদীপ কুমাৰ বৰা, কমাৰগাওঁ প্ৰেছ ক্লাবৰ সম্পাদক ৰিন্টু দুৱৰা, আদিয়ে বক্তব্য প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
केडीए को निरस्त कर तुरंत प्रभाव से संशोधित किया जाए- विधायक हरिमोहन शर्मा
एयरपोर्ट में हो बूंदी का नाम, विधायक हरिमोहन शर्मा ने विधानसभा में उठाई मांग
बूंदी। बूंदी विधायक...
Goa Tourism | Goa@60 | Best places to visit in Goa | Waterfalls in Goa | Beaches of Goa
Goa Tourism | Goa@60 | Best places to visit in Goa | Waterfalls in Goa | Beaches of Goa
मोदी के नेतृत्व में भारत की विश्व में बढ़ रही साख : पंकज मेहता
भारत आज यसस्वी प्रधानमंत्री नरेन्द्र मोदी के नेतृत्व में तेजी से आगे बढ़ रहा है। भारत हर क्षेत्र...