বাঁহৰ বুৰোজ আৰু বালিৰ বস্তাৰে খহনীয়া ৰোধৰ ব্যৰ্থ চেষ্টা টীয়ক পৌৰসভাৰ

টীয়ক পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ পুৰণি চেউনি আলিৰ প্ৰতি এতিয়া ভাবুকি কঢ়িয়াইছে টীয়ক নদীৰ গড়াখহনীয়াই। টীয়ক নদীৰ ভয়াৱহ খহনীয়াত পুৰণি চেউনি আলিটো জাহ যোৱাৰ উপক্ৰম হৈছে। পুৰণি চেউনি আলি আৰু চেলেংহাট পথৰ সংযোগী টীয়ক নদীৰ ওপৰত থকা দলংখনৰ দোয়োটা মুৰে খহনীয়া হোৱা পৰিলক্ষিত হৈছে।