৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটাকে ধৰি ১৯ টাকৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হোৱা কথাছৱি "ব্ৰীজে" অহা ৩০ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব অসমৰ বিভিন্ন চিত্ৰগৃহত।দূৰ্গাপূজাৰ বতৰতে মুক্তি পাব লগা চলচ্চিত্ৰখনৰ পৰিচালক কৃপাল কলিতা, মূখ্য অভিনেত্ৰী শিৱাৰাণী কলিতা,পাৰ্থপ্ৰতিম বড়া, অংকিতা নন্দিনী চমুৱাৰ লগতে অন্যান্য একাংশ অভিনেতা,অভিনেত্ৰীৰ উপস্থিতিত আজি ঢকুৱাখনাৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থানত চিনেমাখনৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়।আজি পুৱা ১০.৩০ বজাত ঢকুৱাখনা কলেজত প্ৰচাৰ চলোৱাৰ পিছতেই ১১.৩০ বজাত নৰ্মাল স্কুল ঢকুৱাখনাতো শিল্পী-কলা-কৌশলীসকল উপস্থিত হৈ প্ৰচাৰ চলাই।এই প্ৰচাৰ কাৰ্যসূচীত ঢকুৱাখনা নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰ শিক্ষক ক্ৰমে অপৰাজিতা বুঢ়াগোহাঁই, পল্লৱী গগৈ, অতিথি শিক্ষক তোলন দত্ত, আৰু ৰাজীৱ বৰুৱাই সহযোগিতা আগবঢ়াই। পৰিচালক কলিতাই ৮০% শতাংশ দৃশ্যগ্ৰহণ ঢকুৱাখনাৰ বিভিন্ন ঠাইত হোৱা চিনেমাখন চাবলৈ সকলোকে আহ্বান জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Business News: सोना हुआ सस्ता, चांदी की कीमत में भी आई कमी... देखिए और भी खबरें
Business News: सोना हुआ सस्ता, चांदी की कीमत में भी आई कमी... देखिए और भी खबरें
नोएडा सिटी सेंटर पर मेट्रो ट्रेन के आगे कूदी 19 साल की लड़की, एक हाथ कटा, हालत गंभीर
युवती की पहचान 19 वर्षीय अनीता के रूप में हुई है। उसके पास से मिले सामान की तलाशी ली गई है जिसमें...
মৰুভূমিলৈ পৰিণত হোৱা নদুৱাৰ বনাঞ্চল সেউজীকৰণ কৰিব ৰাজ্যৰ বনবিভাগে
সূদীৰ্ঘ ২১ বছৰৰ মূৰত ১২শ হেক্টৰ ভূমিত সেউজীকৰণ কৰাৰ উদ্দেশ্যে আজি বৃক্ষৰোপনৰে সেউজীকৰণৰ শুভাৰম্ভ...
Can’t mislead people by using country’s name, Modi attacks Opposition alliance
Prime Minister Narendra Modi said people cannot be misled merely by the use of the...