ডিব্ৰুগড় জিলা প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী জিলা খনত সকলো ধৰণৰ লটাৰী, হাউচি, জোৱা আদি সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে যদিও প্ৰশাসন নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই মৰাণত প্ৰশাসনৰ অনুমতি অবিহনে কিছুদিনৰ পূৰ্বে জন্ম হোৱা জে চি আই মৰাণ অসম ৰয়েলছ নামৰ সংগঠনটোৱে বিক্ৰী কৰিছে  লটাৰীৰ টিকট। ডিব্ৰুগড়ৰ জিলাৰ মৰাণ ৰাজহ চক্ৰ আৰু মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নগৰৰ মাজমজিয়াত বিনা অনুমতিত এখন অস্থায়ী বিপনী খুলি মাইকছেট লগাই জে চি আই মৰাণ অসম ৰয়েলছৰ  সভানেত্ৰী নন্দিনী পাছাৰী, স্বাতী গাড়োডিয়া সম্পাদিকা, কোষাধ্যক্ষ ৰশ্নী টোডি খাখলিয়া, উপ-সভানেত্ৰী- কোমল আগৰৱালৰ নাম সন্নিবিষ্ট থকা লটাৰীৰ টিকট বিক্ৰী কৰিছিল। পিছত সাংবাদিকে চক্ৰ বিষয়াক এই বিষয়ে ফোনযোগে সোধাত অনুমতি অবিহনে লটাৰী টিকট বিক্ৰী কৰাৰ কথা জনাই আৰু ডিব্ৰুগড় জিলাত সকলো ধৰণৰ গেমব্লিং বন্ধ আছে বুলি সাংবাদিক কয়। কিন্তু এই খিনিতে এটা প্ৰশ্নৰ উত্থাপন যে যদি ডিব্ৰুগড় জিলাত সকলো ধৰণৰ গেমব্লিং বন্ধ আছে তেন্তে আৰক্ষী আৰু প্ৰশাসনৰ সন্মুখত কাৰ ছত্ৰছায়াত চলি আছে এনে ধৰণৰ কাৰ্য । ই এক ৰহস্য।