ঢকুৱাখনা হাৰ্হি মহাবিদ্যালয়ৰ সন্মুখত তীব্ৰ বেগী বলেৰো বাহনে মহতিয়ালে মহাবিদ্যালয়ৰ ছাত্ৰক।।
স্থানীয় লোক তথা অসম লাইভ২৪ৰ সাংবাদিকক মহতিয়াই পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনে।
নিষিদ্ধ ঘোষিত সামগ্ৰী থকাৰ সন্দেহ কৰা হৈছে গাড়ী খনত ।
উল্লেখযোগ্য যে ঢকুৱাখনা হাৰ্হি মহাবিদ্যালয়ৰ সন্মুখত আজি দিনৰ ভাগত এখন তীব্ৰ বেগী বলেৰো বাহনে (AR _01L_0908)মনোৰঞ্জন টাইড(২০)নামৰ ছাত্ৰ জনক পৰীক্ষা দি মহাবিদ্যালয় পৰা ওলাই আহোঁতে খুন্দা মৰাত ছাত্ৰ জন দূৰৈত ছিটিকি পৰে।লগে লগে মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীযে আঘাতপ্ৰাপ্ত ছাত্ৰ জনক উঠাই লৈ গাড়ী খন ৰখাই পুলিচ আৰু সাংবাদিকক খবৰ দিয়ে। সাংবাদিক উপস্থিত হৈ গাড়ী খনৰ তথ্য সংগ্ৰহ কৰি থাকোতেই গাড়ী খনৰ সন্মুখত ৰৈ থকা বহুলোক আৰু সাংবাদিক তথা ছাত্ৰ ছাত্ৰীক মহতীযাই পলাই যায়।
লগে লগে ঢকুৱাখনা আৰক্ষীযে গাড়ীখন বিচাৰি ভিন্ন স্থানত তালাচী চলাই যদিও গাড়ী খন ভিতৰু ৱা ৰাস্তাৰে পলাই যাবলৈ সক্ষম হয়।গাড়ী খনত নিষিদ্ধ ঘোষিত সামগ্ৰী সৰবৰাহ কৰা সন্দেহ কৰিছে স্থানীয় ৰাইজ তথা আছুৱে।বৰ্তমান গাড়ী খন বিচাৰি ঢকুৱাখনা আৰক্ষীযে অভিযান অব্যাহত ৰাখিছে।