পশ্চিম অভয়পুৰ সমবায় সমিতিত সাধাৰণ সভা অনুষ্ঠিত

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

আজি পশ্চিম অভয়পুৰ সমবায় সমিতি বাৰ্ষিক সাধাৰণ সভাত উপস্থিত থাকে সোনাৰি সমষ্টিৰ  বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । সভাত অংশগ্ৰহন কৰি সমবায় সমিতিৰ খনৰ প্ৰধান সমস্যা সমূহৰ সম্পৰ্কে আলোচনা কৰে। সমবায় সমিতি খন সম্পূৰ্ণ এক ৰাজহুৱা সম্পত্তি। অসমৰ ভিতৰতে দ্বিতীয় বৃহৎ সমবায় সমিতি আৰু অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰত প্ৰথম সমবায় হিচাপে এক সুনাম আছে। প্ৰায় ছয় হেজাৰ সদস্যৰে গঠিত এই সমবায় সমিতিখন জীয়াই ৰখাৰ লগতে সকলো দিশতে উন্নতি সাধন কৰিবলৈ সকলোকে কাম কৰিবলৈ আহ্বান জনায় তেখেতৰ বক্তব্যত। লগতে আধাৰ কাৰ্ড বনাবলৈ আহ্বান জনায়। উক্ত সভাত  উপস্থিত থাকে সমবায় সমিতিৰ সভাপতি প্ৰফুল্ল চাংমাই, সম্পাদক দুৰ্গা কালিন্দী,তদাৰকী পৰ্যবেক্ষক কাৰ্যবাহী বিষয়া নৱজ্যোত বড়া, পৰ্যবেক্ষক অঞ্জূমনি কলিতা, চাফ্ৰাই মন্ডলৰ সভাপতি অৰ্জুন চেত্ৰী প্ৰমূখ্যে সমবায় খনৰ সমূহ বিষয় ববীয়াৰ লগতে দুই শতাধিক ৰাইজ উপস্থিত থাকে।