অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰহা মীন মহাবিদ্যালয় ত যোবা ২০ নবেম্বৰ ৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে আৰম্ভ হোবা বিশ্ব মীন দিৱস ৰ আজি সফল সমাপন হয়।
ৰহা মীন মহাবিদ্যালয় ত ২০ নবেম্বৰত মৎস্য মেলা দ্বাৰ উন্মোচনেৰে দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোবা বিশ্ব মীন দিৱস ৰ উপলক্ষে মৎস্য মেলা, মৎস্য ব্যঞ্জন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন হোবাৰ লগতে আজি মীন দিৱস ৰ দ্বিতীয় ও অন্তিম দিন ৰহা মীন মহাবিদ্যালয় প্ৰেক্ষাগৃহ ত মীন মহাবিদ্যালয় ৰ ডীন ড° আয়ুব আলি ৰ আদৰনী ভাষনেৰে আৰম্ভ হোবা সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দ্ৰ ডেকা মুখ্য অতিথি ৰূপে উপস্থিত থাকি সম্বোধন কৰি কয় যে অসম মীন পালনৰ ক্ষেত্ৰত উন্নয়ন হোবাৰ লগতে স্বাভিলম্বী হৈছে।লগতে উপাচাৰ্যয়ে কয় যে অহা পাঁচ বছৰত উওৰ পূৰ্বাঞ্চল আৰু দহ বছৰত ভাৰতবৰ্ষৰ বাহিৰত মাছ ৰপ্তানি কৰিবলৈ সক্ষম হম ।
সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰুপক শৰ্মা, অসম কৃষি বিশ্ববিদ্যালয়ৰ In-charge director of extension education ড° ৰঞ্জিত কুমাৰ চাওদ,এন জি অ কলং কপিলী ৰ ডাইৰেক্টৰ জ্যোতিষ তালুকদাৰ উপস্থিত থাকি সভা সম্বোধন কৰে।
লগতে মীন দিৱস ৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৮জন প্ৰগতিশীল মীন পালক ক্ৰমে হৰেন চন্দ্ৰ বৰা,লুনা শইকীয়া, অনুপ শৰ্মা, ভাৰ্গব ভাগবতী,হেমন্ত ডেকা,মহম্মদ শেখ অবুল্লাহ,ললিত দওা আৰু প্ৰনব কুমাৰ ডেকাৰ এখন এখন ফুলাম গামোচা,মোমেন্টো আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱাৰ লগতে মীন দিৱস ৰ প্ৰথম দিন অনুষ্ঠিত হোবা মৎস্য ব্যঞ্জন,মোডেল আৰু পোস্টৰ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগি সকলক পুৰস্কৃত কৰা হয়।
মীন দিৱস উপলক্ষে উপাচাৰ্য ড° বিদ্যুৎ চন্দ্ৰ ডেকাই Souvenir,Booklet আৰু Handbook ৰ উন্মোচন কৰাৰ লগতে ৰহা মীন মহাবিদ্যালয় ৰ এচোছিয়েট প্ৰবক্তা ড° ৰাজদ্বীপ দত্ত ৰ ধন্যবাদ সূচক বক্তব্যৰে সভা সমাপন কৰাৰ লগতে দুদিনীয়া মীন দিৱস ৰ সফল সমাপন কৰা হয়।