Slug- ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গড় দিৱস পালন ।

#আজি বিশ্ব গঁড় দিৱস। বিশ্বৰ আপুৰুগীয়া সম্পদ গঁড়ৰ সংৰক্ষণ সজাগতাৰ বাবে ২০১১ চনৰ ২২ ছেপ্তেম্বৰ দিনটোত বিশ্ব গঁড় দিৱস হিচাপে পালন কৰি অহা হৈছে।বিশ্বজুৰি গঁড়ৰ পাঁচোবিধ প্রজাতি, এশিঙীয়া, সুমাত্রা, জাভা, কলা আৰু বগা প্রজাতিৰ গঁড় বর্তমান চোৰাং চিকাৰীৰ কবলত পৰি নাইবা জলবায়ুৰ বিৰূপ প্ৰভাৱৰ হেতু যাতে নিশ্চিহ্ন নহয় তাৰ বাবে WWF- এ ২০১১ চনৰ পৰা এই দিৱস পালনৰ সিদ্ধান্ত লয়। বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আজি বিশ্ব গড় দিৱস পালন কৰা হয় । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সভাগৃহত অনুষ্ঠিত আজিৰ সভাখনত গড় সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰে । সভাত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ লগত মত বিনিময় কৰে । সভাত