মৰিগাঁৱৰ মনোৰম প্ৰাকৃতিক পৰিবেশৰে ভৰপুৰ চাৰণ বিলৰ কেন'য়িং আৰু কায়াকিং প্ৰশিক্ষণ কেন্দ্ৰৰ ধাৰাবাহিক সফলতাই আনন্দৰ জোৱাৰ আনিছে অসমৰ জলক্ৰীড়াৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰটোলৈ । ২০০৭ চনতেই ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত ঐতিহাসিক চাৰণ বিলত স্থাপিত কেনয়িং আৰু কায়াকিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত ৬৪ জন খেলুৱৈয়ে ১১৬ টাকৈ পদক পাবলৈ সক্ষম হৈছে। কোনোধৰণৰ চৰকাৰী সুবিধাৰ অবিহনেই প্ৰশিক্ষক অনন্ত বৰঠাকুৰৰ প্ৰচেষ্টাত আজি উজলি উঠিছে জলক্ৰীড়াৰ কেন্দ্ৰতো। পদক প্ৰাপ্তিৰে গৌৰৱ কঢ়িয়াই অনা প্ৰশিক্ষণ কেন্দ্ৰটো এতিয়া বহুজনৰ বাবে হৈ পৰিছে জীৱন আৰু জীবিকাৰ আশাভৰষাৰ স্থল। উল্লেখযে এটকাও খৰছ নকৰাকৈ অতিশয় দুখীয়া লৰাছোৱালীবোৰে প্ৰশিক্ষক অনন্ত বৰঠাকুৰৰ নেতৃত্বত দৈনিক কঠোৰ প্ৰশিক্ষণ লৈ এহাতে যিদৰে ক্ৰীড়াৰ ক্ষেত্ৰখনত ৰাজ্যৰ নাম উজ্জ্বলাই তুলিছে ঠিকসেইদৰে যোগ্যতাৰে চৰকাৰী চাকৰি পাবলৈও সক্ষম হৈছে। কেন'য়িং আৰু কায়াকিঙৰ এই কেন্দ্ৰটোৰ পৰা বৰ্তমানলৈকে ৪০ জন খেলুৱৈয়ে অসম আৰক্ষী আৰু সেনাবাহিনীত নিযুক্তি পাবলৈ সক্ষম হৈছে । বিশেষকৈ চলিত বৰ্ষৰ এপ্ৰিলত পাঁচ জনকৈ সুদক্ষ খেলুৱৈয়ে অসম আৰক্ষীত নিযুক্তি লাভ কৰাৰ পিছত আজি ঘোষিত অসম আৰক্ষীৰ কামাণ্ডোটো পাঁচজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদকপ্ৰাপ্ত খেলুৱৈয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। অতিশয় দৰিদ্ৰ পৰিয়ালৰ এইসকল খেলুৱৈয়ে এনেদৰে চাকৰিত নিযুক্তি পোৱাত এতিয়া সমগ্ৰ অঞ্চলটোতে একপ্ৰকাৰ আনন্দৰ জোৱাৰ উঠিছে। স্বাভাৱিকতেই প্ৰশিক্ষক অনন্ত বৰঠাকুৰক অঞ্চলবাসীয়ে শুভেচ্ছাৰে উপচাই দিয়াৰ লগতে প্ৰশিক্ষক গৰাকীৰ চাকৰিটো নিয়মীয়া কৰাৰ লগতে কেনয়িং আৰু কায়াকিং কেন্দ্ৰটোৰ উন্নয়ন সাধনৰ দাবী কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Five States Assembly Election Date: 5 राज्यों में 16 करोड़ से ज्यादा वोटर हैं- मुख्य चुनाव आयुक्त
Five States Assembly Election Date: 5 राज्यों में 16 करोड़ से ज्यादा वोटर हैं- मुख्य चुनाव आयुक्त
तेलंगाना-आंध्र में कहर बनकर आसमान से बरस रही बारिश, अब तक 31 लोगों की मौत; 432 ट्रेनें रद्द
नई दिल्ली। तेलंगाना और आंध्र प्रदेश के कई इलाकों में लगातार तीसरे दिन मूसलधार बारिश हुई।...
Another Liquor Scam by AAP Government
Delhiites are being forced to buy unknown Punjab based liquor brands while premium brands vanish....
गुर्जर और राजपूत समाज को लेकर इस जिले में बढ़ रही टेंशन, भारी पुलिस फोर्स तैनात, विवाद एक राजा, जिन्हें दोनों अपना बता रहे…
बारां शहर में गुर्जर समाज द्वारा आयोजित वाहन रैली को लेकर तनाव की स्थिति बन गई है। कोटा रेंज के...