মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ বিশ্বমুখ যাত্ৰাই মাজুলীৰ লগতে অসমৰ মান উজ্বলাব - ড° ডম্বৰুধৰ

পৰম্পৰাগত শিক্ষা প্ৰদানৰ বাবে  অসমীয়া  পিঠা, মুগা কাপোৰ বোৱা, মুগা পোহা ,  হস্ত তাঁত বস্ত শিল্প , লোকাচাৰ, আদিৰ ওপৰত অধ্যয়নৰ বাবে নতুন বিষয় যুগুত কৰাৰ মানসেৰে  চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে বুলি এই প্ৰতিবেদকক অৱগত কৰে   উপচার্য ডম্বৰু নাথে।

এই বিশ্ববিদ্যালয় খনৰ দোপতদোপে উন্নতি সাধন হবলৈ হলে চৰকাৰৰ সম্পৰ্ণ  সদিচ্ছাৰ আশা কৰিছে প্ৰতিক্ষাৰ অন্তত আজি অসমৰ ৰাজ্যপাল প্ৰফেচাৰ যগদীশ মূখীয়ে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ দ্বিতীয়গৰাকী উপাচাৰ্য নিযুক্তি দিয়ে । সেই অনুশৰি বৰ্তমানৰ উপাচাৰ্য বুৰঞ্জীবিদ ড০ ডম্বৰুধৰ নাথৰ স্থলাভিসিক্ত হব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে বুৰঞ্জী বিভাগৰ প্ৰধ্যাপক ড০ নিৰোদ বৰুৱা ।

 ২০১৭ চনৰ অক্টোবৰ মাহত সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ ধাৰনাক সাকাৰ ৰূপ দি তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক উপহাৰ দিছিল সাংস্কৃতিক বিশ্ববিদ্যালয় খনৰ ৷ বিশ্ব বিদ্যালয় খনৰ প্ৰতিস্থাপক উপাৰ্চায হিচাপে যোগদান কৰিয়ে মাজুলীৰ সন্তান ডম্বৰুধৰ নাথে বিশ্ববিদ্যালয় খন আগুৱাই নিয়াৰ ক্ষেত্ৰত অদ্বিতীয় হিচাপে কাৰ্য সম্পাদন কৰিছিল ৷

বিশ্ববিদ্যালয় খনৰ শিক্ষা পদ্ধতি কেনেকুৱা হব, কি কি বিষয় থাকিব , বিশ্ববিদ্যালয়ৰ আনুসাংগিক তথ্য সমৃদ্ধ বিষয়বস্তু পুংখানুপুংখ ভাৱে বিশ্লেষণ কৰি আজি চাৰিটা বছৰত বিশ্ববিদ্যালয়ৰ কাম বহুখিনি আগবঢ়াই নিলে ৷আজি এই প্ৰতিবেদকৰ আগত তেওঁৰ চাৰেতিনিবছৰীয়া পৰিক্ৰমাত পোৱা তিতা-মিঠা সকলো বিবৰি কৈ বিশ্ববিদ্যালয় খনৰ বিশ্বমুখি যাত্ৰৰ প্ৰথম জন গুৰিয়াল হবলৈ পায় গৌৰব অনুভৱ কৰাৰ সমান্তৰালভাৱে শৈক্ষিকেই হওক সামগ্ৰিকেই হওক বহুখিনি দিশত সহায় -সহযোো কম পোৱাৰ বাবে দুখ প্ৰকাশ কৰে ৷ উপাৰ্চয জনে বিশ্ববিদ্যালয় খনক জাকতজিলিকা কৰি তুলিবলৈ চৰকাৰলৈ আহ্বান জনাই। তেঁও ২০২১ বৰ্ষত শ্ৰেণী সমুহ আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি কয় বিশ্ববিদ্যালয় খনত তিনিটা বিষয়ৰ ডিপ্লমা আৰু দুটা বিষয়ৰ নিয়মীয়া শ্ৰেণীৰ আৰাম্ভ কৰা হৈছিল ৷ তেও কয় বিভিন্ন ভাষা , সাচিপতীয়া পুঠি , জনজাতিয় ভাষাক কেন্দ্ৰ কৰি পাঠ দান আৰাম্ভ হৈছিল , ইতিহাস ঐতিহ্য সংৰক্ষণ আৰু অনুধাৱন , মুখা শিল্প আৰু ভাস্কৰ্য আদিৰ পাঠদান।

বিশ্ববিদ্যালয় খনৰ দোপতদোপে উন্নতি সাধন হবলৈ হলে চৰকাৰৰ সম্পৰ্ণ সদিচ্ছাৰ আশা কৰিছে উপাৰ্চায ড° ডম্বৰুধৰ নাথে ৷ ৰাজ ভৱনৰ GSA.54/2021/ 87 নম্বৰৰ জাননি লাভ কৰি ডম্বৰুধৰ নাথে নৱ নিযুক্ত উপাৰ্চয ড° নিৰোদ বৰুৱালৈ শুভেচ্ছা জ্ঞাপন কৰি অসম চৰকাৰৰ সহায়ত ৰুই যোৱা এই বক্ষ জুপি বট বিক্ষলৈ পৰ্যবেশিত হব আৰু মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ বিশ্বমুখ যাত্ৰাই মাজুলীৰ লগতে অসমৰ মান উজ্বলাব বুলি আশা প্ৰকাশ কৰে ৷