ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত পৰিচালিত অসম চাহ নিগম লিমিটেডৰ অধীনত থকা ১৫ খন চাহ বাগিছাৰ শ্ৰমিকে আগন্তুত দুৰ্গোৎসৱৰ তিনি সপ্তাহৰ পূৰ্বে পাব লগা বোনাচ আজি পৰ্যন্ত ঘোষণাই নকৰাত সংশ্লিষ্ট বাগিছাকেইখনৰ শ্ৰমিকৰ মাজত ক্ষোভৰ উদ্গীৰণ হোৱা দেখা গৈছে৷ বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃত্তিত অসম চাহ মজদুৰ সংঘৰ কোষাধ্যক্ষ তথা মৰাণ শাখাৰ সম্পাদক লক্ষেশ্বৰ তাঁতীয়ে কয়, অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ তৰফৰ পৰা যোৱা আগষ্ট মাহতে চাহ কোম্পানীসমূহক এই বছৰো ২০ শতাংশ বোনাচ বজাৰ-সমাৰ কৰাৰ সুবিধাৰ্থে অন্তত পূজাৰ তিনি সপ্তাহৰ পূৰ্বে প্ৰদান কাৰ্যসূচী সমাপ্ত কৰিবলৈ দাবী জনাই পত্ৰ প্ৰেৰণ কৰা হৈছিল৷ আনকি ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও ১৮ ছেপ্টেম্বৰৰ ভিতৰত বোনাচ দিয়াৰ পৰ্বটো শেষ কৰিবলৈ সকলো বাগিছা কতৃৰ্পক্ষলৈ নিৰ্দেশনা জাৰি কৰিছিল৷ ইতিমধ্যে সংঘৰ কেন্দ্ৰীয় সমিতি আৰু শাখাসমূহৰ প্ৰচেষ্টাত কোম্পানী বাগিছা তথা ব্যক্তিগত মালিকাধীনত থকা সৰু-বৰ সকলো বাগিছাৰ শ্ৰমিকে বোনাচ লাভ কৰিছে যদিও কেৱল মাত্ৰ অসম চাহ নিগম লিমিটেডৰ অধীনত থকা ১৫ খন চাহ বাগিছাৰ শ্ৰমিকে লাভ কৰা নাই বোনাচ৷ ফলত বাগিছাকেইখনৰ শ্ৰমিক ৰাইজৰ মাজত তীব্ৰ অসন্তোষ্টিয়ে গা কৰি উঠিছে৷ বিবৃত্তিটোত তাঁতীয়ে শীঘ্ৰে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত পৰিচালিত অসম চাহ নিগম লিমিটেডৰ অধীনত থকা ১৫ খন চাহ বাগিছাৰ শ্ৰমিকক বোনাচ প্ৰদান কৰিবলৈ দাবী জনাইছে৷ অন্যথা সংশ্লিষ্ট বাগিছাকেইখনত বোনাচ কেন্দ্ৰীক বিবাদ সৃষ্টি হ’লে বাগিছাকেইখনৰ কতৃৰ্পক্ষ আৰু ৰাজ্য চৰকাৰেই জগৰীয়া হ’ব বুলিও সকিয়নী দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
হত্যাকাৰিক ফাঁচী দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ।
সোমবাৰে নিশা দুৰ্বৃত্তই হত্যা কৰিছিল দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ৰক্তিম নিৰ্মলিয়া।
পূজা চাই ঘৰলৈ ওভতাৰ...
Rahul Gandhi की इमेज बदलने के पीछे किस अमेरिकी महिला का हाथ, Barack Obama से क्या कनेक्शन?
Rahul Gandhi की इमेज बदलने के पीछे किस अमेरिकी महिला का हाथ, Barack Obama से क्या कनेक्शन?
GJ24NEWS: નલ એ જલ યોજના ને પોકળ સાબિત કરતી રાધનપુર ની ઘટના
GJ24NEWS: નલ એ જલ યોજના ને પોકળ સાબિત કરતી રાધનપુર ની ઘટના
સંજેલી ખાતે ભાજપા યુવા મોરચાની બેઠક યોજાઈ
સંજેલી ભાજપા કાર્યાલય ખાતે ભાજપા યુવા મોરચાની બેઠકનું આયોજન કરવામાં આવ્યું હતું આગામી કાર્યક્રમ...
ৰহা ৰ লক্ষী প্ৰসাদ ডেকালৈ এন ই ফ'কাচ বঁটা প্ৰদান।
ৰহাৰ সৰাগাওঁ নিবাসী, লেখক,সাহিত্যিক প্ৰবন্ধকাৰ তথা শিক্ষক লক্ষী প্ৰসাদ ডেকা লৈ এন ই ফ'কাচ বঁটা...