চিলাপথাৰত তিনিবছৰৰ মুৰকত আটক কৰিলে পিতৃঘাতক ৰজু গুৱালাক, গোছৰ ৰুজু হৈছিল পাছিঘাট আৰক্ষী চকীত

অৰুনাচল পাচিঘাট ৰুকচিনত কৰ্মসূত্ৰে বসবাস কৰা চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবাৰীৰ পৰা প্ৰায় ৩০ বছৰ পূৰ্বে দিন হাজিৰা কৰি পৰিয়াল পো পাল দিয়াৰ উদ্দেশ্যে পাকলুং গোৱালাই অস্হায়ীভাৱে পাচিঘাটত বসবাস কৰিব লয় ৷ ২০২০ চনত পুত্ৰ ৰাজু গুৱালা(২৫) ৰ সৈতে এক বিতৰ্কৰ সৃষ্টি হোৱাত ৰাজুৱে নিজ পিতৃক দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰি পলায়ন কৰে ৷ পাচিঘাট আৰক্ষী চকীত গোছৰ ৰুজু হোৱাত পাচিঘাট আৰক্ষীয়ে সুদীৰ্ঘদিন ধৰি অনুসন্ধান চলাই আহিছিল ৷ মঙ্গলবাৰে আৱেলি পৰত পিতৃঘাতক ৰজু গুৱালাই ডিমৌৰ শ্যামজুলি নামে ভিতৰুৱা এখন গাৱঁৰ মোমায়েকৰ ঘৰত আত্মগোপন কৰি থকাৰ মুহুত্বত ৰাইজে ডিমৌ টহলদাৰী চকীক খৱৰ দিয়াত আৰক্ষীৰ দলটোৱে কৌশলগতভাৱে আটক কৰি পাচিঘাট আৰক্ষীক খৱৰ দিয়াত অৰুনাচল পাচিঘাটত আৰক্ষী বিষয়া এব্ৰাহাম টায়িঙে ডিমৌ আৰক্ষী টহলদাৰী চকীত উপস্থিত হৈ সন্দিয়া ৮ মান বজাত পলাতক ৰাজুক পাচিঘাট থানালৈ লৈ যায় ৷