নুমলীগড়ৰ পোৰাবঙলাৰ পাৰ্বতীপুৰত চুৰৰ আতংক ৷ সন্ধিয়াতে চুৰৰ প্ৰবেশ ৷ ৰাইজে কৰায়ত্ত কৰি গতালে আৰক্ষীক
নমলীগড় আৰক্ষী চকীৰ অধীনৰ পোৰাবঙলাৰ পাৰ্বতীপুৰত মঙলবাৰে এটা চোৰে পুষ্পা দেৱনাথৰ বাসগৃহত প্ৰবেশ কৰি চুৰি কৰাৰ পৰিকল্পনা কৰোতেই গৃহস্থই চিঞৰ বাখৰ কৰাত পলায়ন কৰি কিছু নিলগৰ অন্য এঘৰত প্ৰবেশ কৰোতে ৰাইজে খেদি খেদি কৰায়ত্ত কৰে ৷ অচিনাক্ত চোৰটোক ৰাইজে আটক কৰি ইতিমধ্যে নুমলীগড় আৰক্ষী চকীত চমজাই দিয়ে ৷ জনবহুল এলেকাটোত চোৰৰ এনে আকস্মিক আবিৰ্ভাৱে সকলোকে চিন্তিত কৰি তুলিছে ৷ আৰক্ষীক চোৰ আৰু অপৰাধীৰ বিৰুদ্ধে তহলদাৰী দলৰ ব্যবস্থা কৰিবৰ বাবে আহ্বান জনাইছে ৰাইজে ৷