শিৱসাগৰ বেজবৰুৱা চুকৰ এহাল যঁমজ ভাতৃদ্বয়ে লাভ কৰিলে কামাণ্ডুৰ চাকৰি।

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলে শিৱসাগৰৰ এখন ঘৰলৈ কঢ়িয়ালে আনন্দৰ জোৱাৰ। শিৱসাগৰ বেজবৰুৱা চুকৰ এহাল যঁমজ ভাতৃদ্বয়ে লাভ কৰিলে কামাণ্ডুৰ চাকৰি। চমিৰন মহন আৰু সমীৰণ মহনে লাভ কৰিলে কামাণ্ডুৰ চাকৰি। শিৱসাগৰ বেজবৰুৱা চুকৰ নিবাসী গুঞ্জা মহন আৰু নীতা মহনৰ পুত্ৰদ্বয়ে চাকৰি লাভ কৰাত পুৱাৰে পৰা আত্মীয়স্বজন, ওচৰ চুবুৰীয়া আহি অভিনন্দন জনোৱা পৰিলক্ষিত হয়। কামাণ্ডু হিচাপে সেৱা আগবঢ়াবলৈ এই সুযোগ লাভ কৰি অতি আনন্দিত হৈছোঁ। যথেষ্ট কষ্ট কৰিছিলোঁ। কষ্টৰ ফল পাইছোঁ। - এই ভাষ্য যমজ ভাতৃদ্বয়ৰ । আৰ্থিক অনাটনৰ মাজেৰে পিতৃ মাতৃয়ে অতি কষ্টৰে তেওঁলোকক গঢ়ি তুলিছে বুলিও কৃতজ্ঞতা প্ৰকাশ কৰে চমিৰন আৰু সমীৰণে । ইপিনে দুয়ো যমজ ভাতৃদ্বয়ে ইজনে সিজনক সহায় কৰি নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল বুলিও সদৰি কৰে। স্বচ্ছ তথা নিকা ভাৱে এই নিযুক্তি দিয়াত চৰকাৰৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছে পিতৃ মাতৃয়ে।