কইনা আনিবলৈ গৈ যোৱা এসপ্তাহে সন্ধানহীন নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত চৌদ্ধপুনীয়াৰ যুৱক চিত্ৰৰঞ্জন দত্ত ৷ গাঁওখনৰ প্ৰফুল্ল দত্ত আৰু মৌচুমী দত্তৰ সন্তান চিত্ৰৰঞ্জন যোৱা আঠ জুলাই বৰযাত্ৰী ৰুপে কইনা আনিবলৈ গৈছিল বিহপুৰীয়াৰ গন্ধিয়া গাঁৱলৈ ৷ সমনীয়াৰ লগতে হাঁহি ধেমালিৰে কইনাৰ ঘৰত সময় পাৰ কৰা চিত্ৰৰঞ্জন দত্ত কোনেও গম নোপোৱাকৈ সন্ধানহীন হৈ পৰিল ৷ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ ষষ্ঠ ষান্মাষিকৰ ছাত্ৰ চিত্ৰৰঞ্জন দত্ত ঘৰলৈ উভতি নহাত পাচদিনা পিতৃয়ে বিহপুৰীয়া থানাত পুত্ৰ নিখোজ সম্পৰ্কে এক গোচৰ ৰুজ্জু কৰে ৷ আৰক্ষীয়ে চিত্ৰৰঞ্জনৰ সৈতে বৰযাত্ৰী হৈ যোৱা সাত সমনীয়াত সোধ পোচ কৰাৰ লগতে কইনা ঘৰৰ সন্মুখৰ পৰা সাম্ভাৱ্য সকলো স্থানত বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ লাভ কৰা নাই ৷ ডিক্ৰং নদীত পৰিব পৰা সম্ভাৱনাৰ বাবে এছডিআৰএফৰ জৰিয়তে নদীত অভিযান চলাই কোনো উত্তৰ পোৱা নাই ৷ পিতৃ মাতৃ তথা পৰিয়ালৰ দাবী অমায়িক যুৱকজনে নিজ ইচ্ছাতে কোনো ভুল পথ বাচি নলয় ৷ তেওঁৰ ওপৰত ডাঙৰ অঘটন হোৱাৰ সন্দেহ কৰিছে ৷ আৰক্ষীয়ে বিগত এটা সপ্তাহে যুৱকজনৰ কোনো সন্ধান লাভ নকৰাত যুৱকজন স্বইচ্ছাতে সন্ধানহীন হৈ কোনো বিদ্ৰোহী সংগঠনৰ প্ৰতি ধাবমান হোৱাৰ সম্ভাৱনাৰ দিশটোও পৰীক্ষা নিৰিক্ষা কৰি আছে যদিও সকলো ফালৰ পৰা কোনো সুদুত্তৰ লাভ নকৰাত চিত্ৰৰঞ্জনৰ পিতৃ মাতৃ তথা পৰিয়াল এতিয়া দিশহাৰা হৈ পৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिल्हा रुग्णालयातील आय.सी.यु कामाचे व स्वच्छतेचे पालकमंत्री सावेंकडून समाधान
बीड (प्रतिनिधी) जिल्हा दौऱ्यावर आलेल्या पालकमंत्री अतुल सावे यांनी सोमवारी जिल्हा रुग्णालयाला भेट...
নামৰূপত হাতী মানুহৰ সংঘাত ।
নামৰূপ থাৰ্মেলৰ ৯নং ৱাৰ্ডৰ যমুনা দেবীৰ বাসগৃহত বন্যহস্তীৰ আক্ৰমণ ।
কথমপি প্ৰান ৰক্ষা । হাতীৰ...
मुख्यमंत्री शिवराज सिंह चौहान ने गाया शानदार गाना। ए दोस्ती हम नहीं छोड़ेंगे।।
मुख्यमंत्री शिवराज सिंह चौहान ने गाया शानदार गाना। ए दोस्ती हम नहीं छोड़ेंगे।।
PM Modi Full Speech: बस्ती की जनसभा में Akhilesh-Rahul पर बरसे PM Modi, विपक्ष पर कसा तंज | Aaj Tak
PM Modi Full Speech: बस्ती की जनसभा में Akhilesh-Rahul पर बरसे PM Modi, विपक्ष पर कसा तंज | Aaj Tak
ફલશ્રુતિ નગર, અમરદીપ કોપલેક્સની દુકાનોના તાળા તોડયા .તસ્કરોનું તરખાટ એક સાથે ૪ દુકાનોના શટર
ફલશ્રુતિ નગર, અમરદીપ કોપલેક્સની દુકાનોના તાળા તોડયા .તસ્કરોનું તરખાટ એક સાથે ૪ દુકાનોના શટર