মঙ্গলবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত মন্ত্ৰী সঞ্জয় কিষানৰ উপস্থিতিত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আচঁনিৰ অধীনত এককালীন আৰ্থিক সাহাৰ্য্য চেক প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়।

কভিড মহামাৰীৰ, বান পানী, আৰু বিভিন্ন প্ৰকৃতিৰ দুয্যোগত মৃত্যু হোৱা পৰিয়ালক এই আচঁনিৰ জড়িয়তে চেক প্ৰদান কৰে।

অনুষ্ঠানত ২০১৯ চনৰ এপ্ৰিল মাহৰ পাছত স্বামীহীন হোৱা ৩৭২ গৰাকী বিধৱা মহিলাক ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ দ্বাৰা ২৫০০০ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়৷ ইয়াৰোপৰি বানত ক্ষতিগ্ৰস্ত হোৱা ৬২টা পৰিয়ালকো মুখ্যমন্ত্ৰী সাহায্য পুঁজি অধীনত ১ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ শুভাৰম্ভনি কৰা হয়৷

এই চেক বিতৰণ অনুষ্ঠান মুখ্য অতিথিৰ হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শ্ৰম, নিয়োগ আৰু চাহ জন জাতি কল্যাণ বিভাগৰ মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষান,১৪ নং লক্ষীমপুৰ লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ,১১৪ নং জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ, ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য, অতিৰিক্ত উপায়ুক্ত নন্দিতা ৰয়, ধেমাজি খণ্ড উন্নয়ন বিষয়া নবিন কামান, ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী,ধেমাজি জিলাৰ পৰিষদৰ সভাপতি মোহন গগৈ, ধেমাজি পৌৰসভাৰ পৌৰপতি দীপৰেখা দাস বাঘ্ৰীকে আদি কৰি বহুকেইগৰাকী বিজেপি কাৰ্মকৰ্তাও উপস্থিত থাকে