সদ্য ঘোষিত অসম চৰকাৰৰ আৰক্ষী বিভাগত চাকৰি লাভ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যুৱকে। সমান্তৰভাৱে তামুলপুৰৰো বহু যুৱক যুৱতীয়ে নিজৰ একাগ্ৰতা,ইচ্ছাশক্তি,আৰু মেধাৰ বলত অসম কামাণ্ডো বেটেলিয়ান আৰু AB পদত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰতে আছে কেইবাজনো যুৱকৰ কিছু বিশেষ পৰিচয়। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ এক প্ৰান্তীয় অঞ্চল কাউলীৰ পৰা একেলগে অসম কামাণ্ডো বেটেলিয়ান আৰু এ বি পদত চাকৰি লাভ কৰিছে পাছ গৰাকী যুৱকে। এক টকা নিদিয়াকৈ চৰকাৰৰ নিকা পদ্ধতিত যুৱক কেইগৰাকীয়ে নিজৰ মেধাৰ ভিত্তিত চাকৰি লাভ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। পাছ গৰাকী যুৱক কেইজন ভিতৰত আছে নাৰায়্ণপুৰৰ জনক দাসৰ পুত্ৰ জীৱন দাস(২১) এ বি,নাৰায়্ণপুৰ মনিন্দ্ৰ দাসৰ পুত্ৰ দীপক দাস(১৯) এ বি, নাৰায়্ণপুৰৰ সুকল মূৰ্মুৰ পুত্ৰ ৰবিৰাম মূৰ্মু(২৩) এ বি আৰু কামাণ্ডো বেটেলিয়ান, পাহাৰপুৰৰ খৰানন্দ ভুৰ্টেলৰ পুত্ৰ সমীৰ ভট্ৰেল,(২০)কামাণ্ডো বেটেলিয়ান, বিষ্ণুপুৰৰ অজিত মণ্ডলৰ পুত্ৰ অঞ্জন মণ্ডল-(২৩) কামাণ্ডো বেটেলিয়ান। ইয়াৰে জীৱন দাস নামৰ যুৱক গৰাকীয়ে সৰুৰে পৰা বজাৰে বজাৰে দোকান দি নিজৰ পঢ়াৰ খৰছ উলিওৱাৰ লগতে চলাই গৈছিল শৰীৰ চর্চা। বৃহত্তৰ অঞ্চলটোৰ বাট-পথৰ অৱস্থা ইমানেই দুৰ্বল যে এম্বুলেন্স এখন আহিবলৈ বহু বাৰ চিন্তা কৰিব লগা হয়। তেনে ক্ষেত্ৰতে যুৱক কেইগৰাকীৰ সাফল্যত গৌৰাম্বিত কৰি তুলিছে অঞ্চলটোৰ প্ৰতিজন লোকক। একেদৰে তামুলপুৰৰ ঘিলাঝাৰ গাওঁতো স্বাধীনতাৰ পিছত প্ৰথম বাৰৰ বাবে চৰকাৰী চাকৰি লাভ কৰিছে সঞ্জীৱ বৰ্মন নামৰ এজন যুৱকে। অসম কামাণ্ডো বেটেলিয়ানত চাকৰি পোৱা সঞ্জীৱৰ খবৰে আনন্দৰ বন্যা বোৱাইছে সমগ্ৰ গাঁওখনত। একেদৰে কুমাৰীকাটাৰ ঘিলাঝাৰ গাওঁতো একে পৰিয়ালৰ দুই ভাতৃ ক্ৰমে জোচেফ বাৰা,আৰু জুহান বাৰা নামৰ দুই ভাতৃয়ে একেলগে অসম কামাণ্ডো বেটেলিয়ানত চাকৰি লাভ কৰাৰ খবৰে আনন্দিত কৰি তুলিছে গাঁওবাসীক। চৰকাৰৰ এই পদক্ষেপ আৰু স্বচ্ছ-নিকা পদ্ধতিত চাকৰি লাভ কৰা প্ৰতিগৰাকী নিবনুৱা যুৱকে ধন্যবাদ জ্ঞাপন কৰিছে অসম চৰকাৰক।আগন্তুক ২৩ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ আনিবলৈ সাজু হৈছে এইসকল যুৱক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
निम्बाहेड़ा किराना एसोसिएशन ने उत्कृष्ट कार्यो हेतु एएसआई सूरज कुमार को किया सम्मानित
निम्बाहेड़ा
फ़रीद खान
निम्बाहेड़ा किराना एसोसिएशन ने उत्कृष्ट कार्यो हेतु एएसआई सूरज कुमार को किया...
पिंपरगव्हाण रोड, परीसरात घानिचे साम्राज्य; स्वच्छता मिशनचे तिन-तेरा तात्काळ स्वच्छता करा - बाळासाहेब धुरंधरे
बीड (प्रतिनिधी) सध्या पावसाळा चालु असल्याने बीड शहरातील अनेक भागात नाल्याचे पाणी रोडवर आले आहे....
करोड़ों के गबन का आरोप ब्लॉक प्रमुख पर।
जनपद आजमगढ़ के पल्हना में,करोड़ों के गबन का आरोप ब्लांक प्रमुख पर।मालूम होकि जनपद आजमगढ़ के...
વાઘજીપુર સ્વામિનારાયણ મંદિરનો 49 મો પાટોત્સવ ઉજવાયો
શ્રી સ્વામિનારાયણ ગાદી સંસ્થાન, શ્રી સ્વામિનારાયણ મંદિર વાઘજીપુરનો ૪૯ મો પાટોત્સવ આચાર્ય...