চৰাইদেউৰ ২ নং কঠিয়াখুন্দাত বিজুলী মহোৎসৱ উদযাপন।

সোণাৰি, ১ আগষ্ট: ভাৰতৰ স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ লগত সংগতি ৰাখি দেশজুৰি আয়োজন কৰা 'আজাদী কা অমৃত মহোৎসৱ'ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ বিদ্যুৎ মন্ত্ৰালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিদ্যুৎ বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত যোৱা ৩০ জুলাইত জিলাখনৰ ২ নং কঠিয়াখুন্দাৰ সোণালীপুৰ গাঁও স্থিত ধৰ্মেশ্বৰ বায়ন সোঁৱৰণী নাটমঞ্চত কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি "উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত শক্তি@২০৪৭"ৰ অন্তৰ্গত 'বিজুলী মহোৎসৱ' উদযাপন কৰা হয়। 

দেশৰ শক্তি ক্ষেত্ৰখন উন্নীত কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত কাৰ্যকৰী কৰা বিভিন্ন আঁচনিসমূহ আৰু এই দিশত লাভ কৰা সফলতাৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে 'উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত শক্তি@২০৪৭' শীৰ্ষক এই কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰে।

সভাত অংশগ্ৰহণ কৰি সাপেখাতিৰ ৰাজহ চক্ৰ বিষয়া ডাঃ অনামিকা গগৈয়ে নিজ বক্তব্যত কেন্দ্ৰীয় চৰকাৰে শক্তি খণ্ডৰ উত্তৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ শলাগ লয়। তেওঁ ইয়াৰ দ্বাৰা জনসাধাৰণ উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ অঞ্চলটিৰ ২৭৩ টা গৃহই বিদ্যুৎ সংযোগ লাভ কৰাৰ বাবে তেওঁলোকৰ কষ্ট লাঘৱ হৈছে বুলি উল্লেখ কৰে।

সাপেখাতিৰ খণ্ড উন্নয়ন বিষয়া ৰণ্টু বৰুৱাই নিজ বক্তব্যত চৰকাৰে সৌভাগ্য আঁচনিৰ জৰিয়তে অতি দুৰ্গম আৰু ভিতৰুৱা অঞ্চলতো বিদ্যুৎ সংযোগ নিশ্চিত কৰাটো বৰ আশাব্যঞ্জক বতৰা বুলি উল্লেখ কৰে। তেওঁ অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ "হৰ ঘৰ তিৰঙ্গা" কাৰ্যসূচীৰ অধীনত নিজ নিজ বাসভৱনত জাতীয় পতাকা উত্তোলন কৰিবলৈ সকলোকে আহ্বান জনায়।  

আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ উপ-সভাপতি দিগন্ত ৰাজকোঁৱৰ, সাপেখাতি আঞ্চলিক পঞ্চায়তৰ সভাপতি বিপ্লৱ বড়া, সাপেখাতি গাঁও পঞ্চায়তৰ সভাপতি দিলীপ দত্ত, সমাজ কৰ্মী কাজল দে' আৰু সুভাষ দে', উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত শক্তি@২০৪৭ -ৰ জিলা ন'ডেল বিষয়া নৱজ্যোতি শইকীয়া, এপিডিচিএল'ৰ শিৱসাগৰ সংমণ্ডলৰ মুখ্য কাৰ্যবাহী বিষয়া উদিত দেউৰী, এপিডিচিএল'ৰ বিষয়া-কৰ্মচাৰী, জিলা প্ৰশাসনৰ অনান্য বিষয়া আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

অনুষ্ঠানৰ অংশ হিচাপে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, শক্তি খণ্ডৰ সাফল্যৰ ওপৰত তথ্যচিত্ৰ প্ৰদৰ্শনী আৰু সজাগতা মূলক বাটৰ নাটৰো আয়োজন কৰা হয়।