বিজেপিয়ে দেশ প্ৰধান মন্ত্ৰী হে  হব দ্বিতীয় নৰেন্দ্ৰ মোডীৰ জন্মদিন সপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰাৰ সমান্তৰাল কৈ কংগ্ৰেছ দলে প্ৰধান মন্ত্ৰীৰ জন্ম দিনক 'ৰাষ্ট্ৰীয় নিবনুৱা দিৱস' হিচাপে পালন কৰে। এই উপলক্ষে আজি ধেমাজি জিলা যুৱ কংগ্ৰেছ কমিটীৰ উদ্যোগত জোনাই সদৰৰ ৰাংকপ তিনিআলিও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। 

 ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সভাপতি বিজু পেগু, মুৰ্কংচেলেক ব্লক যুৱ সভাপতি হিতেশ পেগু, প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক ৰাজীৱ পেগু, নিৰঞ্ছন পেগু, ধেমাজি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আদিৰ নেতৃত্বত ৰূপায়ণ কৰা কাৰ্যসূচীত বহু যুৱ কংগ্ৰেছ আৰু কংগ্ৰেছ দলৰ কৰ্মীয়ে উপস্থিত থাকে। তদুপৰি ধেমাজি জিলা যুৱ কংগ্ৰেছে বিজেপি ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ নিন্দনীয় কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে ভবেশ কলিতাক ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব লৈ দাবী জনায়।