গোলাঘাট জিলাতো আজি ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা পেঞ্চন আঁচনিৰ অধীনত ২৫৯ গৰাকী মহিলাক ২৫,০০০ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত অনুৰূপ কাৰ্যসূচী কেন্দ্ৰীয়ভাবে মুকলি কৰাৰ সমান্তৰালভাবে গোলাঘাটতো বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে ১৬ গৰাকী মহিলাক আনুষ্ঠানিকভাবে অনুমোদন পত্ৰ প্ৰদান কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । উল্লেখযোগ্য যে জিলাখনৰ ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন লাভ কৰি থকা মহিলাসকলৰ মাজৰ ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ ২৫৯ গৰাকী মহিলালৈ এই এককালীন সাহায্য আগবঢ়োৱা হৈছে । মহিলাসকলৰ বেংক একাউণ্টত পোনে পোনে এই ধনৰাশি জমা হ'ব । আজিৰ এই অনুষ্ঠানতে যোৱা বানত সৰ্বস্ব হেৰুওৱা ১৪ টা পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এক লাখ টকাকৈ আৰ্থিক সাহাৰ্যৰ চেকো প্ৰদান কৰা হয় । অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জিলা পৰিষদৰ সভানেত্ৰী এলিনা পেগু দলে, উপ-সভানেত্ৰী ৰশ্মি কাকতি, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, উন্নয়ন খণ্ড বিষয়াসকল আৰু বিভিন্ন ঠাইৰ পৰা অহা মহিলা আৰু হিতাধিকাৰীসকল উপস্থিত আছিল ।