বঞ্চনাই কোঙা কৰা এখন গাঁও । মন্ত্ৰী বিমল বড়া সমষ্টি টিংখাঙৰ কলৌলোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত দুলীয়াবাম ব্লক গাঁৱৰ ৰাইজে আজিও দেখা নাই উন্নয়নৰ মুখ । খোৱা পানীৰ সমস্যা, বাট-পথ, গৰাখহনীয়াকে ধৰি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত গাঁওখন । গাঁখনত মুঠ পৰিয়াল আছে প্ৰায় ৩৫ টা । অধিক সংখ্যকেই আদিবাসী লোক বাস কৰা গাঁওখনলৈ কেৱল নিৰ্বাচনৰ সময়তহে ৰাজনৈতিক নেতা-কৰ্মী সকল আহে । ডিমৌ নদীৰ গৰাখহনীয়াই এক প্ৰকাৰৰ ভাবুকি কঢ়িয়াইছে গাঁওখনলৈ । গাঁওখনৰ লোক সকল অহা যোৱা পথটোৰ কাষতে আছে ডিমৌ নদীখন। নদীখনৰ খহনীয়াই ইতিমধ্যে এই পথটোৰ এটা অংশ খহাই নিছে । গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত অদ্যাপি কোনো ব্যৱস্থা লোৱা নাই সংশ্লিষ্ট বিভাগে । দৈনিক দিন হাজিৰা কৰি চলা পৰিয়ালকেইটাৰ খোৱা পানী সমস্যাও এক ডাঙৰ সমস্যা । দমকলৰ আইৰনযুক্ত পানীকে সেৱন কৰে গাঁওবাসীয়ে । ইফালে দৰিদ্ৰ পৰিয়ালকেইটাৰ অধিক সংখ্যক পৰিয়ালে পোৱা নাই চৰকাৰী আবাস গৃহ । জৰাজীৰ্ণ উৰুখা প্ৰজাতে বাস কৰিছে বহুকেইটা পৰিয়াল । গাঁওখনৰ অধিক সংখ্যকেই অশিক্ষিত হোৱাত অজ্ঞতাৰ বাবে বহু কেইটা পৰিয়ালৰ সদস্য চৰকাৰী চাউল পোৱাৰ পৰা বঞ্চিত হৈ আছে । পৰিয়ালকেইটাই প্ৰয়োজনীয় নথি জমা নিদিয়াৰ বাবে স্থানীয় এজেণ্টে দিব পৰা নাই চাউল । মুঠৰ ওপৰত সমস্যাৰ অন্ত নাই গাঁওখনত । স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াই গাঁওখনৰ ওপৰত পৰৱৰ্তী সময়ত কিমান গুৰুত্ব দিয়ে সেয়া হয়তো সময়ত লক্ষণীয় হ'ব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
১৬ ছেপ্টেম্বৰত চিলাপথাৰত জাফা , বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱৰ উদ্যোগত 'সাংবাদিক কৰ্মশালা' বিশিষ্ট সমাজকৰ্মীক সম্বৰ্দ্ধনা ও সাধাৰণ সভাৰ আয়োজন
১৬ ছেপ্টেম্বৰত চিলাপথাৰত সাংবাদিক কৰ্মশালা ও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা ও সাধাৰণ সভা
...
સીસરાણા ગામે પૂર્વ શિક્ષણ મંત્રીશ્રી અને સંગઠનના જિલ્લા પ્રમુખશ્રી કીર્તિસિંહ વાઘેલાના અધ્યક્ષ સ્થાને "વિકસિત ભારત સંકલ્પ યાત્રા" કાર્યક્રમ યોજાયો..
વડગામ તાલુકાના સીસરાણા ગામે પૂર્વ શિક્ષણ મંત્રીશ્રી અને સંગઠનના જિલ્લા પ્રમુખશ્રી કીર્તિસિંહ...
ધ્રાંગધ્રા તાલુકા પોલીસે વાવડી ગામેથી કપાસની આડમાં દેશી દારૂની ભઠ્ઠી ઝડપી પાડી
ધ્રાંગધ્રા તાલુકા પોલીસે વાવડી ગામેથી કપાસની આડમાં દેશી દારૂની ભઠ્ઠી ઝડપી પાડી
બનાસકાંઠા માં બટાટા ના ખેતર માં ગાયો ચરતી નો વિડીયો થયો વાઇરલ..
બનાસકાંઠા માં બટાટા ના ખેતર માં ગાયો ચરતી નો વિડીયો થયો વાઇરલ..