বঞ্চনাই কোঙা কৰা এখন গাঁও । মন্ত্ৰী বিমল বড়া সমষ্টি টিংখাঙৰ কলৌলোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত দুলীয়াবাম ব্লক গাঁৱৰ ৰাইজে আজিও দেখা নাই উন্নয়নৰ মুখ । খোৱা পানীৰ সমস্যা, বাট-পথ, গৰাখহনীয়াকে ধৰি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত গাঁওখন । গাঁখনত মুঠ পৰিয়াল আছে প্ৰায় ৩৫ টা । অধিক সংখ্যকেই আদিবাসী লোক বাস কৰা গাঁওখনলৈ কেৱল নিৰ্বাচনৰ সময়তহে ৰাজনৈতিক নেতা-কৰ্মী সকল আহে । ডিমৌ নদীৰ গৰাখহনীয়াই এক প্ৰকাৰৰ ভাবুকি কঢ়িয়াইছে গাঁওখনলৈ । গাঁওখনৰ লোক সকল অহা যোৱা পথটোৰ কাষতে আছে ডিমৌ নদীখন। নদীখনৰ খহনীয়াই ইতিমধ্যে এই পথটোৰ এটা অংশ খহাই নিছে । গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত অদ্যাপি কোনো ব্যৱস্থা লোৱা নাই সংশ্লিষ্ট বিভাগে । দৈনিক দিন হাজিৰা কৰি চলা পৰিয়ালকেইটাৰ খোৱা পানী সমস্যাও এক ডাঙৰ সমস্যা । দমকলৰ আইৰনযুক্ত পানীকে সেৱন কৰে গাঁওবাসীয়ে । ইফালে দৰিদ্ৰ পৰিয়ালকেইটাৰ অধিক সংখ্যক পৰিয়ালে পোৱা নাই চৰকাৰী আবাস গৃহ । জৰাজীৰ্ণ উৰুখা প্ৰজাতে বাস কৰিছে বহুকেইটা পৰিয়াল । গাঁওখনৰ অধিক সংখ্যকেই অশিক্ষিত হোৱাত অজ্ঞতাৰ বাবে বহু কেইটা পৰিয়ালৰ সদস্য চৰকাৰী চাউল পোৱাৰ পৰা বঞ্চিত হৈ আছে । পৰিয়ালকেইটাই প্ৰয়োজনীয় নথি জমা নিদিয়াৰ বাবে স্থানীয় এজেণ্টে দিব পৰা নাই চাউল । মুঠৰ ওপৰত সমস্যাৰ অন্ত নাই গাঁওখনত । স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াই গাঁওখনৰ ওপৰত পৰৱৰ্তী সময়ত কিমান গুৰুত্ব দিয়ে সেয়া হয়তো সময়ত লক্ষণীয় হ'ব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
এফালে আটাছুৰ বিজেপি বিৰোধে প্ৰতিবাদ আনফালে BJP যোগদান তিনি আটাছু সদস্য
শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়ত বিজেপি দলত যোগদান বহু কেইজন জাতীয় সংগঠনৰ নেতাৰ । যি সময়ত বিজেপিৰ...
শূণ্য সহনশীলতা কথা কোৱা মুখ্যমন্ত্ৰীৰ পুজিলৈ কোন DFO ৰ পৰা টকা যায় কাৰ কথা কলে মৰাণ ছাত্ৰ নেতা পদ্ম মৰাণ এ
শূণ্য সহনশীলতা কথা কোৱা মুখ্যমন্ত্ৰীৰ পুজিলৈ কোন DFO ৰ পৰা টকা যায় কাৰ কথা কলে মৰাণ ছাত্ৰ নেতা...
ખાંભાના ડેડાણ પ્રાથમિક આરોગ્ય કેન્દ્ર દ્વારા એ.એન.સી. કેમ્પ, તેમજ જોખમી માતા ની તપાસ નાં કેમ્પ નું આયોજન કરવામાં આવ્યું,
તા.01/04/2023 ના રોજ ડેડાણ પ્રાથમિક આરોગ્ય કેન્દ્ર દ્વારા એ.એન.સી. કેમ્પ, તેમજ જોખમી માતા ની તપાસ...
Eye Flu: बारिश में तेजी से फैल रहा आई फ्लू क्या है इसके शुरुआती लक्षण? । Conjunctivitis | Eye Flu
Eye Flu: बारिश में तेजी से फैल रहा आई फ्लू क्या है इसके शुरुआती लक्षण? । Conjunctivitis | Eye Flu