বঞ্চনাই কোঙা কৰা এখন গাঁও । মন্ত্ৰী বিমল বড়া সমষ্টি টিংখাঙৰ কলৌলোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত দুলীয়াবাম ব্লক গাঁৱৰ ৰাইজে আজিও দেখা নাই উন্নয়নৰ মুখ । খোৱা পানীৰ সমস্যা, বাট-পথ, গৰাখহনীয়াকে ধৰি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত গাঁওখন । গাঁখনত মুঠ পৰিয়াল আছে প্ৰায় ৩৫ টা । অধিক সংখ্যকেই আদিবাসী লোক বাস কৰা গাঁওখনলৈ কেৱল নিৰ্বাচনৰ সময়তহে ৰাজনৈতিক নেতা-কৰ্মী সকল আহে । ডিমৌ নদীৰ গৰাখহনীয়াই এক প্ৰকাৰৰ ভাবুকি কঢ়িয়াইছে গাঁওখনলৈ । গাঁওখনৰ লোক সকল অহা যোৱা পথটোৰ কাষতে আছে ডিমৌ নদীখন। নদীখনৰ খহনীয়াই ইতিমধ্যে এই পথটোৰ এটা অংশ খহাই নিছে । গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত অদ্যাপি কোনো ব্যৱস্থা লোৱা নাই সংশ্লিষ্ট বিভাগে । দৈনিক দিন হাজিৰা কৰি চলা পৰিয়ালকেইটাৰ খোৱা পানী সমস্যাও এক ডাঙৰ সমস্যা । দমকলৰ আইৰনযুক্ত পানীকে সেৱন কৰে গাঁওবাসীয়ে । ইফালে দৰিদ্ৰ পৰিয়ালকেইটাৰ অধিক সংখ্যক পৰিয়ালে পোৱা নাই চৰকাৰী আবাস গৃহ । জৰাজীৰ্ণ উৰুখা প্ৰজাতে বাস কৰিছে বহুকেইটা পৰিয়াল । গাঁওখনৰ অধিক সংখ্যকেই অশিক্ষিত হোৱাত অজ্ঞতাৰ বাবে বহু কেইটা পৰিয়ালৰ সদস্য চৰকাৰী চাউল পোৱাৰ পৰা বঞ্চিত হৈ আছে । পৰিয়ালকেইটাই প্ৰয়োজনীয় নথি জমা নিদিয়াৰ বাবে স্থানীয় এজেণ্টে দিব পৰা নাই চাউল । মুঠৰ ওপৰত সমস্যাৰ অন্ত নাই গাঁওখনত । স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াই গাঁওখনৰ ওপৰত পৰৱৰ্তী সময়ত কিমান গুৰুত্ব দিয়ে সেয়া হয়তো সময়ত লক্ষণীয় হ'ব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्पेस कॉम्प्युटर्स'च्या 25व्या वर्धापन दिनानिमित्त ग्राहकांसाठी आता एकाच छताखाली सर्व कॉम्प्युटरच्या 25 साव्या वर्धापन दीना निमित्त शहरातील मान्यवरांचा गव्हाणे परिवार शुभेच्छांचा वर्षाव
औरंगाबाद: दि.१०(दीपक परेराव) संजय गव्हाणे यांच्या 'स्पेस कॉम्प्युटर्स'च्या 25व्या वर्धापन...
The redeveloped ITPO complex in Delhi Will be inaugurated on 26th July, 2023.
The redeveloped ITPO complex in Delhi Will be inaugurated on 26th July, 2023.
Tata Curvv ev के टॉप 5 फीचर्स, जो इसे बनाते हैं ज्यादा प्रीमियम और सेफ
Tata Curvv Top 5 Features टाटा कर्व अगले महीने 7 अगस्त को लॉन्च होने वाली है। जिसको लेकर लोगों...
ગરબાડા તાલુકામાં આજે સતત 5 કલાલ વરસાદ વરસ્યો.
ગરબાડા તાલુકામાં આજે સતત 5 કલાલ વરસાદ વરસ્યો.