তিনিচুকীয়াৰ গোপনাৰীৰ সমীপত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

দুখন বাহনৰ মুখামুখি সংঘৰ্ষত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে তিনিজন লোক আহত হৈছে।

AS 01 GC 8536 নম্বৰৰ তেল পৰিবাহী টেংকাৰ আৰু AS 23 CC 9201 নম্বৰৰ ডি আই বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

টেংকাৰখনৰ হেণ্ডিমেন থিতাতে নিহত হোৱাৰ বিপৰীতে চালকজনে সুযোগ বুজি পলায়ন কৰে।

ডি আই বাহনৰ চালকসহ তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে।

আহতসকলক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিত্সালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাত নিহত যুৱকজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। 

দুৰ্ঘটনাৰ পাছতেই একাংশ লোকে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই সঘনাই পথচোৱাত দুৰ্ঘটনা সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।