খাৰুপেটীয়াৰ মাগুৰমাৰীৰ এটা পথেৰে যাতায়ত কৰিলে আদায় দিব লাগে ধন । খাৰুপেটীয়া নগৰৰ পৰা অচিনতলা হৈ মাগুৰমাৰী নতুন বজাৰ লৈ যোৱা পথত দিব লাগে ধন । ধন নিদিলে যাতায়ত বন্ধ ই-ৰিক্সা আৰু বাইক আৰোহীৰ । উল্লেখ্য যে মঙলদৈ সমষ্টিৰ অন্তৰ্গত ১ নং মাগুৰমাৰী গাঁৱৰ উক্ত পথটোত থকা এখন কালভাৰ্ট কিছু দিন পূৰ্বে বৰষুণৰ পানীয়ে উটুৱাই নিছিল । কালভাৰ্টটো পানীয়ে উটুৱাই নিয়াৰ পিছতেই হাহাকাৰ লাগে পথটোৰে চলাচল কৰা ৰাইজৰ মাজত । যাতায়ত বন্ধ হৈ পৰাত একাংশ ৰাইজে নিৰ্মাণ কৰে এই বাঁহৰ সাঁকোখন । তাৰ পিছতেই সাঁকো পাৰ হোৱাৰ বাবদ দৈনিক ই-ৰিক্সা আৰু বাইক আৰোহীৰ পৰা গাওঁ খনৰ এজন লোকে আৰম্ভ কৰে ধন সংগ্ৰহৰ কাম । অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ পাচতো কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ। পথৰ মাজত বাহৰ সাকো নিৰ্মাণ কৰি অবৈধ ধন সংগ্ৰহ কৰা কাৰ্য্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।
দৰঙৰ খাৰুপেটীয়াত এখন বাঁহৰ সাঁকোৰে ই-ৰিক্সা আৰু বাইক আৰোহী যাতায়ত কৰিলে দিব লাগে ধন। কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ
![](https://i.ytimg.com/vi/wkDmbr_90Lg/hqdefault.jpg)