হয় দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ হ'ল, কিন্তু আজিও বিদ্যালয়লৈ আহিব লগা হৈছে টিউবৰ সহায়ত। আৰু এইয়াই বাস্তৱ ছবি এতিয়া নুমলীগড়ত। এই দৃশ্য গোলাঘাট জিলাৰ আটাইতকৈ সৰহ ৰাজহ সংগ্ৰহ কৰা এটা অঞ্চলৰ। কাৰণ এইয়া দৈগ্ৰোঙ নৈৰ দৃশ্য। যিখন নৈৰ বালি যিকোনো কামৰ বাবে অতি উৎকৃষ্ট মানৰ বুলি কোৱা। দৃশ্যটো নুমলীগড়ৰ দৈগ্ৰোঙ নৈৰ। নুমলীগড়ৰ সুন্দৰপুৰৰ পৰা শ্যামৰাইপুৰলৈ যাবলৈ ৰাইজৰ বাবে আজিও নিৰ্মাণ ন'হল এখন দলং। যুগ যুগ ধৰি এনেদৰেই টিউব অথবা বাঁহেৰে নিৰ্মিত মেলেং সহায়ত দৈগ্ৰোঙ ওপৰেৰে মৰণত শৰণ দি কৰিবলগীয়া হৈছে যাতায়ত। নিৰ্বাচনৰ সময়ত প্ৰতিদ্বন্দী সকল আহে, প্ৰতিশ্ৰুতি দিয়ে ৰাইজক নিৰ্বাচনত জয়ী হ'লে ৰাইজৰ বাবে নিৰ্মাণ কৰিব এখন পকী দলং। পিছে নিৰ্বাচনত জয়ী হোৱাৰ পাছতে সকলো যেন পাহৰি যায় সেইসকল জনপ্ৰতিনিধিয়ে । দুখজনক ভাৱে ৰাইজৰ আৱেগৰ সৈতে ধেমালি কৰে এই সকলে। যাৰ বাবে এতিয়াও এখন দলংৰ অভাৱত মৰণত শৰণ দি দৈগ্ৰোঙ নৈৰ ওপৰেৰে যাতায়ত কৰিবলগীয়া হৈছে। দুৰ্ভোগ ভুগিছে কণ কণ ছাত্ৰ -ছাত্ৰী সকলে। উপায়ন্তৰ হৈ টিউবেৰে দৈগ্ৰোঙ নৈ পাৰ হৈ মুৰফুলনী উচ্চ মাধ্যমিক বিদ্যালয়লৈ অহা কণ কণ ছাত্ৰ -ছাত্ৰী সকলে এনেদৰেই আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ- মামা আমাৰ স্কুল যাবলৈ কষ্ট হৈছে, আমাক দলং এখন লাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भाजपा नेत्री अमिता बागरी सहित पदाधिकारी एवं कार्यकर्ताओं ने लोकेंद्र पाराशर को भाजपा प्रदेश मंत्री के नवदयित्व के लिए दी बधाई
पन्ना : भारतीय जनता पार्टी पन्ना की जिला मंत्री अमिता बागरी ने जिले के पदाधिकारी...
टॉप क्लास डिजाइन और कलर ऑप्शन के साथ आएंगे Google Pixel 8 और Pixel 8 Pro स्मार्टफोन, जानें कब लॉन्च होगी सीरीज
गूगल अगले महीने अपने प्लैगशिप सीरीज को लॉन्च करने जा रहा है। इस सीरीज में दो स्मार्टफोन- Google...
पहली बरसात में उखड़ी सड़क, ग्रामीणों ने लगाया घटिया निर्माण का आरोप
रामगंजमण्डी के चेचट क्षेत्र में चन्द्रपुरा से बोरिना गांव को जोड़ने वाली सड़क पहली बरसात भी सहन नही...
દાહોદ અનાજ મહાજન સાર્વજનિક એજ્યુકેશન દ્વારા સ્થાપના દિન ઉજવણી | #dahod
દાહોદ અનાજ મહાજન સાર્વજનિક એજ્યુકેશન દ્વારા સ્થાપના દિન ઉજવણી | #dahod
आ.संदीप क्षीरसागरांनी केली काम सुरू असलेल्या आयटीआय इमारतीची पाहणी
रस्ता कामात येत असलेल्या अतिक्रमित संरक्षण भिंतीबाबत बैठक*
बीड (प्रतिनिधी):- मागील काही...