উজনী মাজুলীত "অসম আদৰ্শ গ্ৰাম যোজনা"ৰ বৃহৎ গাঁওসভা সম্পন্ন
উজনি মাজুলীৰ অভয়পুৰীয়া গাৱত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ সভাখনত মাজুলীৰ জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া উপস্থিত থাকে ৷
: শ্ৰীৰাম দেউৰী গাৱঁক মাজুলী জিলা প্ৰশাসন আদৰ্শ গাঁও ঘোষনা কৰাৰ সমান্তৰালকৈ অসম চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলিত বৰ্ষত ১২৬ টা বিধান সভা সমষ্টিৰ প্ৰতিটো সমষ্টিত দুখনকৈ গাঁও আৰ্দশ গাঁও হিচাপে প্ৰতিষ্ঠা কৰাৰ কাম হাতত লৈছে অসম চৰকাৰে। এই সভাখনত অসম চৰকাৰৰ সমাজ কৈল্যাণ বিভাগৰ যুটীয়া সচিব গৌতম মজুমদাৰ , মাজুলীৰ অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস ,খণ্ড উন্নয়ন বিষয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷