চৰাইদেউ জিলাৰ কচুমাৰিত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান।

সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ কচুমাৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা হ'ল অভিনন্দন অনুষ্ঠান।

মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কচুমাৰি প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই অভিনন্দন অনুষ্ঠানত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থা, মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ লগতে শিক্ষাবিদ তথা স্থানীয় সমাজ সচেতন লোকসকল উপস্থিত থাকে।