সোণাৰিত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

টাই আহোম সকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত আজি টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ বিজয় ৰাজকোঁৱৰ পন্থী গোটৰ সদস্য সকলে সোণাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে। সোণাৰি ভজো চাৰিআলিত ৰূপায়ন কৰা এই কাৰ্যসূচীত টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ প্ৰমুখ্যে টাইপাৰ ভালে সংখ্যক সাদস্যয় অংশগ্ৰহণ কৰে।