ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিমুক্ত নিকা আৰু স্বচ্ছ নিযুক্তিৰ কথা কৈ থকা সময়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ ধনৰ লেনদেন হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ সমান্তৰালভাৱে উত্তৰ লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মচাৰী নিযুক্তি, দুলীয়াজান অইলত বিজেপি নেতা কৰ্মীয়ে নিযুক্তি লাভ কৰা বিষয় সমূহে ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। বিশেষকৈ  নিযুক্তি কেলেংকাৰিত  ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকী সাঙুৰ খাই পৰাত মুখ্যমন্ত্ৰীয়ে কৈ থকা নিকা আৰু স্বচ্ছতাৰ কথা বিলাক বুমেৰাং হৈ পৰিল। নিযুক্তিৰ কেলেংকাৰীক লৈ বিৰোধী সৰৱ হৈ থকা সময়তে টিংখাঙত নিযুক্তি কেলেংকাৰিক লৈ বিস্ফোৰক মন্তব্য কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে। জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয়,চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতাতেই নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈ আহিছে। ভিক্টৰ দাসৰ পাছত কেইবাজনেও বিজেপিৰ মন্ত্ৰী বিধায়কৰ নাম উল্লেখ কৰি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা বিষয়টোৱে বিজেপি চৰকাৰৰ দিনত যে ব্যাপক দুৰ্নীতি সংঘটিত হৈ আছে সেই কথা প্ৰমাণ কৰিছে।