SLUGNAME: POLICE FIRING TO CATTLE TRADERS.
অবৈধ গো সৰবৰাহকাৰীৰ বাহনলৈ আৰক্ষীয়ে গুলিচালনা কৰাক লৈ দেওবাৰে নিশা এক চাঞ্চল্যৰ সৃষ্টি হয় মেৰাপানীত। মেৰাপানী আৰক্ষীয়ে অবৈধ ভাৱে গৰু কঢ়িয়াই অনা দুখনকৈ বাহন ঘিলাধাৰী অঞ্চলৰ পৰা খেদি আনিছিল যদিও আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি বাহন দুখন পলাবলৈ চেষ্টা কৰে। ফলত মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল প্ৰকাশ চক্ৰৱৰ্তীয়ে তিনি জাঁইকৈ গুলি ফুটাবলৈ বাধ্য হয়। অৱশ্যে আৰক্ষীয়ে পাছত মেৰাপানীৰ ইছলামপুৰৰ পৰা এখন আৰু গমাৰি তিনিআলিৰ পৰা আনখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে দোয়োখন বাহনৰ পৰা আটাইকেইজন সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয়। দোয়োখন বাহনতে এঘাৰটাকৈ সৰ্বমুঠ বাইশটা গৰু বোজাই কৰি আনিছিল অবৈধ গৰু ব্যৱসায়ীয়ে। বাহন দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে এ এচ ০৫ এ চি ১৫৭৬ আৰু এ এচ ০৫ এ চি ১৬০৮ । উল্লেখযোগ্য যে, প্ৰতি দেওবাৰে বোকাখাটৰ বিহৰা সাপ্তাহিক বজাৰৰ পৰা প্ৰয়োজনীয় নথিপত্ৰ অবিহনে নাগালেণ্ডলৈ অবৈধভাৱে গৰু সৰবৰাহ কৰি আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে।