নুমলীগড় আৰক্ষীৰ অতপালিত হতভম্ব ক্ষুদ্ৰ ব্যবসায়ী ৷ ভয় ভাবুকি প্ৰয়োগেৰে ফুট গধুলীতে বন্ধ কৰিলে দোকান ৷

NUMALIGARH SHOP KEEPER VS POLICE IC=

নুমলীগড় আৰক্ষীৰ অতপালিত হতভম্ব ক্ষুদ্ৰ ব্যবসায়ী ৷ ভয় ভাবুকি প্ৰয়োগেৰে ফুট গধুলীতে বন্ধ কৰিলে দোকান ৷ খৰ্গহস্ত দৈগ্ৰোং ব্যবসায়ী সন্থা ৷ 

দিনক দিনে নুমলীগড় আৰক্ষীৰ চলিছে গুণ্ডাগিৰি ৷ নুমলীগড়ৰ দৈগ্ৰোঙত শনিবাৰে বিশ্বকৰ্মা পূজা উপলক্ষে অনুষ্ঠিত হৈছিল স্থানীয় মহিলা সকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন ৷ দৈগ্ৰোঙৰ নাট্য মন্দিৰত অনুষ্ঠিত মহিলাৰ দ্বাৰা অভিনীত ভাওনা চাবলৈ আহিছিল স্থানীয় বহু দৰ্শক ৷ কিন্তু নুমলীগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিদা হাজৰিকাই কোনো কথাৰ অৱতাৰণা নকৰাকৈ কেইবাখনো স্থায়ী পান দোকান দাবী ধমকিৰে বন্ধ কৰাৰ লগতে পথৰ ওপৰতো পথাচাৰীৰ ওপৰত তাণ্ডৱ চলাই ৷ যাৰ ফলত পান দোকানীসকলে ভাওনা উপলক্ষে ব্যবসায় কৰিবৰ বাবে অনা কেঁচামাল পান তামোল আদি লোকচান কৰিব লগা পৰিস্থিতি হয় ৷ নিবনুৱা একাংশ যুৱক যুৱতীয়ে সৰু এখন দোকান দি জীৱিকা হিচাপে সংস্থাপনৰ সংগ্ৰাম কৰা এইসকলক এনে আৰক্ষী বিষয়াই আচলতে কি পন্থা লোৱাৰ পথ দেখুৱাইছে সেয়াও এক চিন্তিত বিষয় হিচাপে চৰ্চিত হৈছে ৷ এইসকল আৰক্ষী বিষয়াৰ ওপৰত মূখ্যমন্ত্ৰী অৰু আৰক্ষী সঞ্চালক প্ৰধানক ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে