আজি ইং ৩১ জুলাই ২০২২ তাৰিখে সন্ধিয়া প্ৰায় ৬.৪০ বজাত ধেমাজি জিলাৰ জীয়াধল নদীৰ বাঢ়নী পানীয়ে জীয়াধল-কুমতীয়া মথাউৰিৰ সোঁপাৰৰ সাপেখাটি অংশত প্ৰায় ৮০ মিটাৰ মথাউৰি উটোৱাই নি চিগি পেলায় ৷ ইতিমধ্যে মথাউৰি ছিগা অংশই দি সোমাই অহা বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলাইছে বহু এলেকা ৷ বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে স্হানীয় জনসাধাৰণৰ ৷ ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, চিইঅ’, বিজেপিৰ কাৰ্যকতাৰ সহযোগত প্ৰশাসনে বৰদলনি বালিগাওঁ প্ৰাথমিক বিদ্যালয়ত শিবিৰ স্হাপন কৰি দুৰ্গত ৰাইজক উদ্ধাৰ অভিযানত নামা পৰিছে ৷ মথাউৰি চিগাৰ ফলত গোগামুখ ৰাজহ চক্ৰৰ প্ৰায় ১৫ খনৰো অধিক গাওঁ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে ৷

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |