মুষলধাৰ বৃষ্টিপাত আৰু গাই নদী, জীয়াঢল নদীৰ শিহৰণকাৰী বানৰ গ্ৰাসত পৰাৰ দিশে গতি কৰিছে ঢকুৱাখনা মহকুমা।পুনৰ মুষলধাৰ বৰষুণৰ ফলত বৃদ্ধি হৈছে গাই নদী আৰু জীয়াঢল নদীৰ জলপৃষ্ঠ।  

নদী দুখনৰ ক্ৰমবৰ্ধিত বানৰ ধলে পুৱা গোগামুখ আৰু ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথটো বুৰাই পেলাইছে । ৰাজ্যিক ঘাই পথটোৰ ওপৰত ১ ফুট পানী উঠিছে ।  

ঢকুৱাখনা মহকুমা আৰু মাজুলী সংযোগী একমাত্ৰ ঘাই পথটোৰ চামপৰা দলংৰ সমীপৰ বিস্তীৰ্ণ অংশ দেওবাৰে দুপৰীয়া বানত ডুব গৈছে।

তাৰোপৰি গাই আৰু জীয়াঢলৰ বানে মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত অৰ্ধশতাধিক গাঁও বুৰাই পেলাইছে। পৰিণতিত বানাক্ৰান্ত গঞাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সূত্ৰপাত হৈছে। 

বৰ্তমানলৈকে চৰকাৰী কোনো এগমজন বিষয়া সেই স্থাপন উপস্থিত হোৱা নাই ৷