হৰি নামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত ধেমাজিত মৰিঢ়ল বৰনামঘৰ

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

 পৰম্পৰাত ভাদ মাহটো অতি পবিত্ৰ জ্ঞান কৰা হয় । অসমৰ সত্ৰ-নামঘৰ সমূহত গোটেই মাহজুৰি হৰিনামৰ ধ্বনিত উখলমাখল হৈ থাকে আৰু ভাদ-আহিনৰ সংক্ৰান্তিৰ দিনাই সামৰণি পৰে মাহজোৰা ভদিয়া নামৰ । ধেমাজি জিলাৰ অভিবক্ত মৰিঢল পঞ্চায়তত ১৯৬৪ চনতে স্হাপন হোৱা মৰিঢল বৰ নামঘৰত মাহজুৰি চলা ভদিয়া নামৰ আজি সামৰণি পৰে। আজি পুৱাৰ পৰাই দিনজোৰা কাৰ্যসূচীৰে পুৱা প্ৰাতঃ প্ৰসংগ, শৰাই স্থাপন, দুপৰীয়া প্ৰায় তিনি শতাধিক আই মাতৃ ভকত বৈষ্ণৱ ৰ নাম-প্ৰসংগ, ভাগৱত পাঠৰে মুখৰিত হৈ পৰে নামঘৰৰ বাকৰি। মুঠতে এক উখল মাখল পৰিৱেশ সৃষ্টিৰে হৰিনামৰ অমিয়া সুৰত দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হয় । জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক ভকত বৈষ্ণৱ আই মাতৃ উপস্থিত থাকে ।