সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়তৰ অন্তৰ্গত নকছাৰী-ৰাইডঙ্গীয়া অঞ্চলৰ এগৰাকী সমাজ সচেতন উদীয়মান যুৱকৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ। নকছাৰী-ৰাইডঙ্গীয়া অঞ্চলৰ যুৱক ৰাজু ৰজকে অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ দৰিদ্ৰ পৰিয়ালটোৰ বিশেষকৈ দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱাত সকলোৱে সন্তুষ্টিৰ হাঁহি মাৰিছে। উল্লেখ্য যে কেইবাবছৰ পূৰ্বে পিতৃ স্নেহৰ পৰা বঞ্চিত ৰাজু ৰজকৰ মাতৃ লক্ষী ৰজক এগৰাকী সহজ-সৰল মহিলা। ৬০ বছৰ বয়সতো দিন হাজিৰা কৰি দুবেলা দুমুঠি অৰ্জন কৰাৰ লগতে পুত্ৰ ৰাজুৰো বিভিন্ন খৰচ ব্যয় কৰি আহিছে। তেনে স্থলত সমাজ ভালপোৱা ৰাজু ৰজকে অতি কষ্টৰ লগতে নিজৰ মেধাৰ বলত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা পৰিপ্ৰেক্ষিতত আজি ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰজাপুখুৰী উপ শাখাৰ কৰ্মকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজ ৰাজুৰ ঘৰত উপস্থিত হৈ অভিনন্দন জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
थेऊर येथील श्री चिंतामणी गणपतीचे आमदार बच्चू कडू यांनी घेतले दर्शन
थेऊर येथील श्री चिंतामणी गणपतीचे आमदार बच्चू कडू यांनी घेतले दर्शन
Tata Nexon EV 45 kWh बैटरी पैक और Dark Edition में लॉन्च हुई, कीमत 13.99 लाख रुपये से शुरू
टाटा मोटर्स की ओर से Nexon EV को नए एडिशन और नई बैटरी के साथ लॉन्च कर दिया गया है। कंपनी की...
Inox India IPO: आज खुला कंपनी का IPO, ₹1460 Cr जुटाने की योजना, पैसा लगाना क्या होगा बेहतर?
Inox India IPO: आज खुला कंपनी का IPO, ₹1460 Cr जुटाने की योजना, पैसा लगाना क्या होगा बेहतर?
Israel-Hamas War को 2024 Election में भुनाया जाएगा? इसी पर Rajdeep और Rahul भिड़ गए।Netanagri
Israel-Hamas War को 2024 Election में भुनाया जाएगा? इसी पर Rajdeep और Rahul भिड़ गए।Netanagri