এখন ৰাজহুৱা সভাত এগৰাকী চৰকাৰী বিষয়াক প্ৰংসাৰে উপচাই পেলালে এজন বিধায়কে ৷
অকল ইমানেই তেওঁৰ লগত প্ৰতিতো মূহুৰ্ততে চাঁৰ দৰে লাগি থকাৰো প্ৰতিশ্ৰুতি দিলে বিধায়ক গৰাকীয়ে ৷ মোৰাঝাৰ বজাৰত প্ৰগতীশীল যুৱ মঞ্চৰ উদ্যোগত স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলক লগত লৈ কেৰিয়াৰ কাউন্সিলিং আৰু মটিভেচনৰ ওপৰত অনুস্থিত হৈছিল এখন সভা ৷ সভাখনত উপস্থিত আছিল ডবকা ৰাজহ চক্ৰ বিষয়া, বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়াকে আদি কৰি বিভিন্ন গন্য মান্য ব্যক্তি সকল ৷ সকলোৱে ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ গঢ়াৰ ওপৰত এজনৰ পিছত আনজনে বক্তব্য প্ৰদান কৰিছিল ৷ বক্তব্যৱৰ মাজতে সভাগ আহি উপস্থিত হলহি যমুনামুখৰ বিধায়ক চিৰাজ উদ্দিন আজমল ৷ সকলোৰ দৰে তেওঁ ছাত্ৰ ছাত্ৰীক উদ্দশ্যি বক্তব্য প্ৰদান কৰিছে ৷ কৈ গৈছে তেওঁলোকৰ ব্যক্তিগত সংস্থা আজমল ফাউণ্ডেচন, মৰ্কজুল মা আৰিফ , হাম হস্পিতালে শিক্ষাৰ ক্ষেত্ৰত লোৱা ভূমিকা সন্দৰ্ভত ৷
কিন্তু সভাত ভাষন দি থকাৰ মাজতে হঠাতে বিধায়ক গৰাকীয়ে প্ৰসংশাৰে উপচায় পেলালে তাত উপস্থিত থকা বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়া গৰাকীক ৷ তেওঁ কলে যে বিষয়া গৰাকী এজন সৎ আৰু নিষ্ঠাবান বিষয়া ৷ এনে এগৰাকী বিষয়াৰ কৰ্মৰাজীক লৈ এইদৰে এখন সভাত বিধায়কে প্ৰসংশাৰে উপচায় পেলোৱা কাণ্ডই বিশেষ তাতপৰ্য্য বহন কৰিছে ৷
অকল প্ৰসংশাই নহয় ৷ প্ৰতিতো মূহুৰ্তত বিষয়া গৰাকীৰ লগত ছাঁ ৰ দৰে থকাৰো প্ৰতিশ্ৰতি বিধায়ক গৰাকীৰ ৷ প্ৰসংগক্ৰমে আজমলে কয় যে যি সকলে ভাবিছে বিষয়াগৰাকী অকলে আছে , সেই সকলৰ ধাৰনা একেবাৰে ভূল ৷ কিয়নো বিষয়া গৰাকীৰ পিছফালে সদায়ে বিধায়ক গৰাকী থাকিব ৷ বিধায়কৰ মুখত নিজৰে প্ৰসংখ্যা শুনি আল্পুত হৈ পৰিছে খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তী ৷