সমগ্র ৰাজ্যৰ দৰে ঢকুৱাখনা মেৰকাঠনি গাঁৱত ৰাইজে সমজুৱাকৈ বিশ্বকৰ্মা পূজা আয়োজন কৰে।

বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা সমগ্ৰ ৰাজ্যৰ লগতে ঢকুৱাখনা বিভিন্ন ঠাইত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰে।ঢকুৱাখনা মেৰকাঠনি গাঁৱত গাওঁৰ  ৰাইজ আৰু দ্বীপজ্যোতি যুৱ সংঘৰ উদ্যোগত নৱম সংখ্যক শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ আয়োজন কৰে।

শনিবাৰৰ দিনা পুৱাৰে পৰা পূজা অৰ্চনা চলাৰ লগতে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠান ভাগি আৰম্ভ কৰে।পুৱাই গছ পুলি ৰোপণ ,প্ৰতিমা স্থাপন, নাম প্ৰসংগ কে ধৰি ধৰি নাম আৰু আই সকলৰ আই নামেৰে মুখৰিত হৈ পৰে।

ঢকুৱাখনা জ্যেষ্ঠ সাংবাদিক প্ৰাগ নিউজৰ লিখন গগৈক সম্বোধন জনোৱা হয় লগতে গগৈয়ে শাৰদীয় উৎসৱ সমূহত হব লগীয়া সচেতনতা বিষয়ে ৰাইজৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য ৰাখে।

সন্ধিয়া লৈ এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।